Daily Time Axom

পৌৰাণিক কীৰ্তিচিহ্নত দুষ্টচক্ৰৰ শেনদৃষ্টি ৷ ভাঙি ধ্বংস কৰিছে বৰপথাৰৰ টেঙানি আলিচিগাত উদ্ধাৰ হোৱা কছাৰী সাম্ৰাজ্যৰ ৰাজপ্ৰসাদৰ ভগ্নাৱশেষ ৷

0 8

ডিজিটেল ডেস্ক :-গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ টেঙানি আলিছিগাত পুৰাতত্ব বিভাগে খনন কাৰ্য চলাই উদ্ধাৰ কৰা ঐতিহাসিক সমলসমূহ ভাঙি নষ্ট কৰি পেলাইছে দুস্কৃতিকাৰীয়ে । উল্লেখযোগ্য যে, কেইবছৰমান পূৰ্বে মহকুমাটোৰ টেঙানি আলিছিগাত পুৰাতত্ব বিভাগে সপ্তম আৰু অষ্টম শতিকাৰ কছাৰী সম্ৰাজ্যৰ ৰাজপ্ৰসাদৰ কিছু ভগ্নাৱশেষ উদ্ধাৰ কৰিছিল ৷ কিন্তু সেই ঐতিহাসিক সমলসমুহ উপযুক্ত সংৰক্ষণ নকৰাৰ বাবে এতিয়া দুস্কৃতিকাৰীয়ে ভাঙি নষ্ট কৰিবলৈ লৈছে । ইতিমধ্যে উক্ত স্থান চোৱাচিতাৰ দায়িত্বত থকা ব্যক্তিয়ে ঘটনা সন্দৰ্ভত বৰপথাৰ আৰক্ষী থানাত গোচৰ দিয়াৰ লগতে ধনশিৰি মহকুমাধিপতিকো বিষয়টো অৱগত কৰিছে । কেৱল সিমানেই নহয়, দুষ্টচক্ৰই উক্ত অঞ্চলটোত থকা পকীবেৰাত সংলগ্ন লোহাৰ ৰেলিং সমুহো কাটি লৈ গৈছে ৷ ইফালে ঘটনাৰ বিষয়ে জানিব পাৰি আছুৰ এটা সজাতি দলে উক্ত স্থান পৰিদৰ্শন কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ ওপৰত প্ৰশাসনক বিশেষ গুৰুত্ব দিবলৈ আহ্বান জনায় ৷ লগতে অতিশীঘ্ৰে উক্তকাণ্ড সংঘটিত কৰা ব্যক্তিক চিনাক্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে । ইফালে কেৱলমাত্ৰ পুৰাতত্ব বিভাগে এখন ফলক আৰু পকী চাৰিসীমাৰ বেৰা দিয়েই নিজৰ দায়িত্ব সামৰিলে বুলি এক গুৰুত্বৰ অভিযোগ উঠিছে । বিভিণ্ণ সময়ত উক্ত অঞ্চললৈ দুৰদুৰণিৰ পৰা শিক্ষামূলক ভ্ৰমণৰ বাবে বহু বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহি নিৰাশ হৈ ঘূৰি যাব লগা হয় । বিভিন্ন সময়ত স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনে টেঙানি আলিছিগাত থকা পৌৰাণিক সমলসমূহ সংৰক্ষণ কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ দাবী কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা নোলোৱাত এতিয়া দুষ্টচক্ৰৰ চকু পৰিছে পৌৰাণিক কীৰ্তিচিহ্নসমুহত । উদ্ধাৰ হোৱা পৌৰাণিক সমল সমূহ শীঘ্ৰে উপযুক্ত সংৰক্ষণ কৰিবলৈ ৰাইজ তথা দল সংগঠনে চৰকাৰৰ ওচৰত দাবী জনাইছে।

Leave A Reply

Your email address will not be published.