Daily Time Axom

ৰাজ্যত ২১ জুনৰ পৰা একেৰাহে প্ৰদান কৰিব ক’ভিড ভেকচিন

0 10

ডিজিটেল ডেস্ক: দেশত অব্যাহত থকা ক’ভিড -১৯ ক কিছু পৰিমাণে হ’লেও ৰোধ কৰিবৰ বাবে দেশত ভেকচিন প্ৰদান কৰিছে। কিন্তু এই ভেকচিন সমুহ প্ৰদানৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে বান্ধি দিছিল কিছূমান বিশেষ নীতি নিৰ্দেশনা । দেশৰ সমান্তৰালভাৱে ৰাজ্যতো ২১ জুনৰ পৰা ১৮ বছৰৰ উৰ্দ্ধৰ লোকসকলক ভেকচিন প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড প্ৰতিষেধক সম্পৰ্কত আগবঢ়োৱা এক বিশেষ ঘোষণাৰ পিছতেই এই সিদ্ধান্ত লৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।চলিত মাহৰ ২১ জুনৰ পৰা ৰাজ্যত প্ৰতিদিনে প্ৰদান কৰিব ক’ভিড ভেকচিন। এই ভেকচিন ১৮ বছৰৰ ওপৰৰ সকলো লোকক বিনামূলীয়াকৈ প্ৰদান কৰিব । তিনিমাহ একেৰাহে এই অভিযান অব্যাহত ৰাখিব ৰাজ্যৰ স্বাস্থ্য বিভাগে।এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে।তেখেতে সদৰি কৰা অনুসৰি নিতৌ প্ৰায় ২ ৰ পৰা ৩ লাখ লোকক প্ৰদান কৰিব ভেকচিন।

Leave A Reply

Your email address will not be published.