Daily Time Axom

নলবাৰীৰ একমাত্র ডিজিটেল পঞ্চায়ত অৰ্থাৎ ২৬ নং বনগাঁও পঞ্চায়তত ক’ভিড ভেকচিন শিৱিৰ সম্পন্ন।

0 10

ডিজিটেল ডেস্কঃ নলবাৰী জিলাৰ একমাত্ৰ ডিজেটেল পঞ্চায়ত ২৬ নং বনগাওঁ পঞ্চায়তে ক’ভিডৰ এই সময়ছোৱাতে গ্ৰহণ কৰিছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পৰা এক পদক্ষেপ ।উল্লেখ্যনীয় যে, মঙলবাৰে উক্ত পঞ্চায়তখনৰ সহযোগত আৰু চামতা সামূহিক স্বাস্থ্যকেন্দ্ৰৰ উদ্যোগত ৪৫ বছৰৰো উৰ্দ্ধৰ ২০০জনকৈ লোকক পঞ্চায়তখনে ক’ভিড ভেকচিন প্ৰদান কৰে। ক’ভিডৰ প্ৰথমটো লহৰত বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল পঞ্চায়তখন, তাৰপিছত ক’ভিডৰ এই দ্বিতীয় লহৰতো গ্ৰহন কৰিছে বিশেষ ভূমিকা ৷ এদিনীয়া ভেকচিন শিৱিৰটো পৰিদৰ্শন কৰি নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা , নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাই পঞ্চায়ত খনে যে ক’ভিডৰ সময়ত গ্ৰহণ কৰা এনে ভূমিকাক ভূয়সী প্ৰশংসা কৰে ৷আনহাতে এই পদক্ষেপৰ বাবে বিশেষকৈ পঞ্চায়তখনৰ প্ৰাক্তন সভাপতি তথা পকোৱা জিলা পৰিষদৰ সদস্য পবিত্ৰ কুমাৰ ডেকাৰ পৰিকল্পনা আৰু কৰ্মসূচীৰো শলাগ লয় বিভিন্ন জনে ৷ ইতিমধ্যে পঞ্চায়ত খনে বিভিন্ন অঞ্চল চেনিটাইজ কৰে। ইফালে ক’ভিডত আক্ৰান্ত হোৱা পৰিয়ালসমূহক যোগান ধৰিছে খাদ্য সামগ্ৰী, লগতে ৰেপিড টেষ্টৰো ব্যৱস্থা কৰা পৰিলক্ষিত হয় ৷

Leave A Reply

Your email address will not be published.