ডিজিটেল ডেস্ক:-গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৱৰ্তী চি’ চেক্টৰ অন্তৰ্গত ২ নং বৰদণ্ডী অঞ্চলত ৰেংমা নদীৰ গৰাখহনীয়াই ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ জনসাধাৰণক তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। বৰ্তমান নদীখনৰ গৰাখহনীয়াৰ ফলত বৃহত্তৰ বৰদণ্ডী, হাতীডুবি অঞ্চলকে ধৰি বিভিন্ন ঠাইত নদীখনৰ ভৌগোলিক অৱস্থানেই সলনি হৈ পৰিছে। বাৰিষাৰ সময়ছোৱাত নদীখনৰ বাঢ়নী পানী ফেনে ফুটুকাৰে বিপদ সীমাৰ ওপৰেৰে বৈ অহাৰ ফলত উক্ত অঞ্চল কেইটাত বিশেষকৈ উৰিয়ামঘাটৰ ২ নং বৰদণ্ডী অঞ্চলত উৰিয়ামঘাটৰ পৰা ঘোলাপানী চেতিয়া গাঁৱলৈ যোৱা একমাত্ৰ গড়কাপ্তানী পথটো নদীৰ গৰাখহনীয়াৰ কবলত পৰি এছোৱা খহাই নিয়াৰ ফলত আজি প্ৰায় কেবাবছৰ ধৰি পথ যোগাযোগ বিচ্ছিন্ন হৈ আছে। বৰ্তমান পৰ্যন্ত উক্ত পথটোৱেদি কোনো যান বাহন চলাচল কৰিব পৰা নাই।পথ টোৰ ছিগা অংশৰ উপৰিও অঞ্চলটোৰ বহু পৰিয়ালৰ ঘৰ বাৰী, মাতিভেটি সম্পূৰ্ণ ৰূপে নদীত জাহ যায়।সীমান্ত অঞ্চলটোৰ অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথটো পুনৰৰ্নিমানৰ লগতে অঞ্চলটোৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা হাতত লবলৈ ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বাৰম্বাৰ দাবী জনায় অহাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি অভিযোগ উঠিছে। ইফালে বৰদণ্ডী অঞ্চলত ৰেংমা নদীৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে স্থানীয় কৰৈঘাট পঞ্চায়ত কৰ্তৃপক্ষই এখন আঁচনি লৈছিল আৰু সেই আঁচনি খনৰ এখন ফলকো নিৰ্দিষ্ট স্থানত আঁৰিছিল । কিন্তু অতি পৰিতাপৰ বিষয় যে উক্ত আঁচনি খনৰ কেৱল ফলক খন অঁৰাৰ বাহিৰে গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা হাতত লোৱা দেখা পোৱা নগল।বৰ্তমান বাৰিষা সময়।গৰাখহনীয়াৰ কবলত পৰা হাতীডুবি, বৰদণ্ডী আদি অঞ্চল কেইটাত যদি ক্ষিপ্ৰতাৰে প্ৰতিৰোধৰ ব্যৱস্থা হাতত নলয় তেন্তে উক্ত অঞ্চলকেইটাত জনসাধাৰণ এইবাৰ বাৰিষাত অধিক ক্ষয় ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই প্ৰকট কৰি তুলিছে।ইফালে সৰুপথাৰৰ নৱনিৰ্বাচিত বিধায়ক গৰাকীকো এই ক্ষেত্ৰত যথোপযুক্ত পদক্ষেপ হাতত লবলৈ সীমান্ত বাসী ৰাইজে দাবী জনাইছে।