Daily Time Axom

ৰাজ্যৰ সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক সন্মানিত কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰিলে নতুন বিশেষ বটাঁ

0 10

ডিজিটেল ডেস্ক: ৰাজ্যৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন নতুন চৰকাৰেখনে অসমৰ বিশিষ্ট ব্যক্তিসকলক সন্মান জনাবৰ বাবে শেহতীয়াকৈ লৈছে কিছুমান বিশেষ সিদ্ধান্ত।ৰাজ্যৰ সমাজ জীৱনলৈ অহৰহ অহিৰণা আগবঢ়াই যোৱা বিশিষ্ট ব্যক্তি সকলক পূৰ্বে ‘অসম ৰত্ন’ বটাঁৰে সন্মানিত কৰিছিল।শেহতীয়াকৈ নতুন চৰকাৰখনে ‘অসম ৰত্ন’ৰ ওপৰিও আৰু তিনিটা বিশেষ বটাঁ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।প্ৰতিবছৰে মুঠ ১৯ জনক প্ৰদান কৰিব এই বিশেষ সন্মান।ইয়াৰ ‘অসম ৰত্ন ‘বটাঁ তিনিবছৰৰ মুৰে মুৰে প্ৰদান কৰা হৈছিল যদিও এতিয়াৰে পৰা প্ৰতিবছৰে প্ৰদান কৰিব এই বটাঁ।লগতে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা নতুন তিনিবিধ বটাঁ ক্ৰমে ‘অসম বিভূষণ বটাঁ’, ‘অসম ভূষণ বটাঁ’ আৰু ‘অসমশ্ৰী বটাঁ’।’অসম বিভূষণ বটাঁ’ প্ৰতিবছৰে তিনি গৰাকী ব্যক্তিয়ে লাভ কৰাৰ লগতে সেই ব্যক্তি তিনিও জনে লাভ কৰিব ৩ লাখকৈ টকা।’অসম ভূষণ বটাঁ’ প্ৰতিবছৰে ৫ গৰাকীকৈ ব্যক্তিয়ে লাভ কৰিব ।এই বটাঁৰ ধনৰাশি হ’ল ২ লাখ টকা।’অসমশ্ৰী’ বটাঁ লাভ কৰিব প্ৰতি বছৰে ১০ গৰাকীকৈ লোকে আৰু ইয়াৰ ধনৰাশি হ’ল ১ লাখ টকা।উল্লেখযোগ্য যে এই বটাঁ লাভ কৰিবলৈ সক্ষম হোৱা বিশিষ্ট ব্যক্তিসকলে অনাগত দিনত বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ পৰা বিশেষ সা -সুবিধা লাভ কৰিবলৈও সক্ষম হ’ব বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰণোজ পেগুয়ে।

Leave A Reply

Your email address will not be published.