Daily Time Axom

দহটা সন্তান প্ৰসৱ কৰি বিশ্ব ৰেকৰ্ড ভঙ্গ কৰিলে দক্ষিণ আফ্ৰিকাৰ এগৰাকী মহিলাই…

0 9

আফ্ৰিকাৰ ৩৭ বছৰীয়া গোসিয়ামী থামাৰা সিথোল নামৰ মহিলা গৰাকীয়ে ৭ জুনৰ শেষ নিশা প্রিটোৰিয়ান হস্পিটালৰ চিজাৰিয়ান কক্ষত সাতটি পুত্র ও তিনিটি কন‍্যাসন্তান জন্ম দিয়ে।


মহিলা গৰাকীৰ স্বামী তেবোগো টিছোটেটসিয়ে স্থানীয় এক সংবাদমাধ্যমক জনোৱা তথ্য অনুসৰি এই গর্ভধাৰণক স্বাভাৱিক বুলি দাবী কৰিলেও এই গর্ভধাৰণৰ ক্ষেত্রত ব‍্যাপক চিকিৎসাৰ প্রয়োজন হয়। গর্ভধাৰণৰ সুযোগ বৃদ্ধিৰ বাবে গর্ভাশয়ত একাধিক নিষিক্ত ভ্রুণ সন্নিবিষ্ট কৰি দিয়া হয়।

সন্তান ভূমিষ্ঠ হোৱাৰ পূৰ্বে মহিলা গৰাকীয়ে কয় চিকিৎসক সকলে প্রাথমিকভাবে ছটা সন্তানৰ কথা উল্লেখ কৰিলেও পৰৱৰ্তী সময়ত স্কেন কৰি আৰু দুটি সন্তান ধৰা পৰে। তাৰ পিছত সন্তান প্রসৱৰ পিছত দেখা গ’ল আৰু দুটি সন্তান।
উল্লেখযোগ্য যে এই বিৰল ঘটনাটো প্রকাশ পোৱাৰ লগে লগে খবৰটো আফ্ৰিকাৰ বিভিন্ন সংবাদমাধ্যমত ভাইৰেল হৈ পৰে

Leave A Reply

Your email address will not be published.