ধনশিৰি মহকুমা প্ৰশাসনক অ’এন জি চিৰ এম্বুলেন্স প্ৰদান
ডিজিটেল ডেস্ক:-গোলাঘাট জিলাৰ ধনশিৰি মহকুমা বাসী ৰাইজৰ সুবিধাৰ্থে অ এন জি চিৰ যোৰহাট চিনামৰাস্থিত কাৰ্যালয়ৰ তৰফৰ পৰা আজি ধনশিৰি মহকুমা প্ৰশাসনক এখন এম্বুলেন্স প্ৰদান কৰে। জানিব পৰা মতে ধনশিৰি মহকুমা প্ৰশাসনক অ ‘এন জি চিয়ে বিভাগটোৰ চি এছ আৰ আঁচনিৰ আৱন্তিত পুঁজিৰে এম্বুলেন্স খন প্ৰদান কৰিছে। তদুপলক্ষে আজি সৰুপথাৰৰ কুশল ভৱনত ধনশিৰি মহকুমা প্ৰশাসনে কোভিড পটকল মানি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা এক অনুষ্ঠানত অ এন জি চিৰ যোৰহাট চিনামৰাস্থিত কাৰ্যালয়ৰ অসম এণ্ড অসম আৰাকান বেচিন মেনেজাৰ সুষমা ৰাৱাট, অ এন জি চিৰ কৰ্পৰেট কমিনিউকেশ্বন ইনচাৰ্জ জি এম লিলি চাৱাং সহ কেবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকি ধনশিৰি মহকুমাৰ মহকুমাধিপতি জাভীৰ ৰাহুল সুৰেশৰ হাতত ফিটা কাটি এম্বুলেন্স খন অৰ্পণ কৰে।উক্ত অনুষ্ঠানত সীমান্ত দণ্ডাধীশ কৃষাণ জ্যোতি ডেকা, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া পি, কে গঞ্জু সহ ভালেকেইজন চৰকাৰী বিষয়া উপস্থিত থাকে। উল্লেখ যে, ধনশিৰি মহকুমা বাসী ৰাইজে বিগত বহু দিনৰ পৰা বিভিন্ন সময়ত ৰোগীক চিকিৎসালয়লৈ অনা নিয়াৰ ক্ষেত্ৰত বহু সমস্যাত পৰিছিল যদিও অ এন জি চিয়ে মহকুমা প্ৰশাসনক প্ৰদান কৰা উক্ত এম্বুলেন্স খনে এতিয়াৰে পৰা ৰাইজক যথেষ্ট সকাহ দিব পাৰিব।