Daily Time Axom

উৰিয়ামঘাট চি’ চেক্টৰ নপানীত বহু বছৰ ধৰি অচল জলউত্তোলন আঁচনি , কাৰ্যক্ষম কৰি তুলিবলৈ ৰাইজৰ দাবী

0 17

ডিজিটেল ডেস্ক:-গোলাঘাট জিলাৰ ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তবৰ্তী উৰিয়ামঘাট চি’চেক্টৰ নপানীৰ দৈয়াং নদীত যোৱা প্ৰায় ২০০৬ চনতে মহকুমাটোৰ ২১ খন পঞ্চায়তৰ পুঁজিৰে নিৰ্মাণ কৰা হৈছিল জলসিঞ্চন বিভাগৰ এক বৃহৎ অভিলাষী আঁচনি।কিন্তু অতি পৰিতাপৰ বিষয় যে উক্ত জলউত্তোলন আঁচনি খন বিগত বহু বছৰ ধৰি অচল হৈ পৰি আছে।আঁচনি খন কাৰ্যক্ষম হোৱা হলে সীমান্ত অঞ্চলৰ কৰৈঘাট ,হালধিবাৰী, লাচিতগাওঁ,চিলনিজান আদি কেইবাখনো পঞ্চায়তৰ শ শ কৃষক উপকৃত হলহেঁতেন।অসম চৰকাৰৰ দুৰ্বল ভূমিকা আৰু সীমান্ত অঞ্চলত অসম চৰকাৰৰ উন্নয়ন মূলক কাম কাজত নগাই সততে দি অহা বাধাৰ বাবেই আজি পৰ্যন্ত উক্ত দৈয়াং নদীৰ জলউত্তোলন আঁচনি খন কাৰ্যক্ষম হোৱা নাই বুলি সীমান্ত বাসীয়ে এক গুৰুত্বৰ অভিযোগ উলথাপন কৰিছে।প্ৰায় বিলাক বছৰতে খেতিৰ সময়ত বৰষুণৰ পৰিমাণ তেনেই হ্ৰাস পোৱা অঞ্চল হিচাপে পৰিচিত কৃষি প্ৰধান এই সীমান্ত অঞ্চলটোত জলউত্তোলন আঁচনিৰ কেন্দ্ৰটো বৰ্তমান সক্ৰিয় হৈ থকা হলে বৃহৎ অঞ্চল টোৰ কৃষক সকলে পানীৰ বাবে অলপো চিন্তা কৰিব নালাগিলহেঁতেন।জানিব পৰা মতে প্ৰায় ২০১৭ চনত সেই সময়ৰ ধনশিৰি মহকুমাৰ মহকুমাধিপতি নৰেন চন্দ্ৰ বসুমতাৰীৰ বিশেষ তৎপৰতাত আঁচনি খন মেৰামতি কৰি কিছুদিন কৃষকৰ ভূমিত পানী যোগান ধৰা হৈছিল যদিও সম্পত্তি হাবি জংঘলেৰে ভৰি পৰা জলউত্তোলন আঁচনি খন প্ৰায় ধ্বংসৰ মুখলৈ গতি কৰিছে।ইফালে উক্ত জলউত্তোলন আঁচনি খনৰ গাতে লাগি আছে নিৰপেক্ষ বাহিনী হিচাপে নিয়োজিত চি আৰ পি এফ বাহিনীৰ এটা কেম্পৰ লগতে আন এটা অসম আৰক্ষীৰ বেটেলিয়ন কেম্প। সীমান্তৰ কৃষক ৰাইজে অচল হৈ পৰি থকা দৈয়াং নদীৰ উক্ত জলউত্তোলন আঁচনিখন মেৰামতি কৰি কাৰ্যক্ষম কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষ ,প্ৰশাসন তথা চৰকাৰৰ ওচৰত সৰৱ দাবী জনাই আহিছে যদিও কোনো এটা বিভাগে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। একমাত্র নগাৰ বাধাৰ বাবেই বছৰ বছৰ ধৰি অচল হৈ থকা বুলি অভিযোগ উঠা নপানীৰ দৈয়াং নদীৰ জলউত্তোলন আঁচনি খন পুনৰ মেৰামতিৰে কাৰ্যক্ষম কৰি তোলাৰ যাৱতীয় ব্যৱস্থা হাতত লবলৈ সৰুপথাৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক গৰাকীৰ লগতে অসম চৰকাৰৰ ওচৰত ৰাইজে দাবী জনাইছে।

Leave A Reply

Your email address will not be published.