জলসিঞ্চন বিভাগ নে ঠিকাদাৰৰ হেমাহি। আজিও সম্পূৰ্ণ নহল ২০১১ চনতে আৰম্ভ কৰা উৰিয়ামঘাটৰ ৰেংমা নদীৰ বান্ধৰ কাম ।
ডিজিটেল ডেস্ক :গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৰ উৰিয়ামঘাট চি’ চেক্টৰ অন্তৰ্গত যোৰদলং অঞ্চলত ২০১১ চনতে অসম চৰকাৰৰ জলসিঞ্চন বিভাগে ১৭ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে ৰেংমা নদীৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা জলসিঞ্চন বিভাগটোৰ বৃহৎ নদী বান্ধৰ কাম আজিও সম্পূৰ্ণ হৈ নুঠাত ক্ষোভিত হৈ পৰিছে সীমান্ত বাসী ৰাইজ। জানিব পৰা মতে মহকুমাটোৰ সীমান্ত অঞ্চলৰ বহু কেইখন পঞ্চায়তক সামৰি কৃষক ৰাইজ উপকৃত হব পৰাকৈ ২০১১ চনতে উৰিয়ামঘাটৰ যোৰদলংস্থিত ৰেংমা নদীৰ ওপৰত জলসিঞ্চন বিভাগে ঠিকাদাৰৰ যোগেদি বৃহৎ নদী বান্ধটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।কিন্তু অতি পৰিতাপৰ বিষয় যে নদীখনৰ উক্ত বান্ধৰ কাম যোৱা ১০ বছৰ ধৰি শেষ হোৱা নাই।জলসিঞ্চন বিভাগটোৰ অৱহেলা নে ঠিকাদাৰৰ হেমাহীত এইদৰে যোৱা ১০ বছৰ ধৰি আঁচনিখন সম্পূৰ্ণ হৈ উঠা নাই এই লৈ ৰাইজৰ মাজত সৰৱ চর্চা হৈছে।উল্লেখ্য যে নদী খনৰ ওপৰত বান্ধ টোৰ নিৰ্মাণৰ কাম শেষ হোৱাৰ লগে লগে বান্ধটোৰ পৰা এটা দিশত ৭ কিলোমিটাৰ আৰু আন এটা দিশত ৩ কিলোমিটাৰ দৈৰ্ঘৰ মুঠ ১০ কিলোমিটাৰ দৈৰ্ঘৰ দুটা বৃহৎ নলা নিৰ্মাণৰো কাম আৰম্ভ কৰিব।আৰু এই নলাৰে কৃষকৰ কৃষি ভূমিলৈ পানী যোগান ধৰাৰ ব্যৱস্থা কৰিব।বৰ্তমান বাৰিষা সমাগত যদিও নদীখনৰ উক্ত বান্ধ টোৰ নিৰ্মাণৰ কাম বিভাগটোৱে ঠিকাদাৰৰ যোগেদি পুনৰ আৰম্ভ কৰিছে যদিও নিৰ্মাণৰ কাম একেবাৰে শামুকীয়া গতিত চলোৱা বুলি ৰাইজে অভিযোগ কৰিছে। বৰ্তমান সময়ত আঁচনি খনৰ নিৰ্মাণৰ কাম শেষ হোৱা হলে উক্ত আঁচনিৰ দ্বাৰা সীমান্ত অঞ্চলৰ শ শ কৃষক ৰাইজ উপকৃত হলহেঁতেন।বৰষুণৰ বাবেও কৃষকে পানীৰ কাৰণে অলপো অপেক্ষা কৰিব লগা নহলহেঁতেন।জলসিঞ্চন বিভাগটোৰ এই আঁচনি খনৰ প্ৰতি কোনো সদিচ্ছা নথকাৰ বাবেই হয়তো যোৱা ১০ বছৰে নদীখনৰ ওপৰত নিৰ্মাণ কৰা বান্ধৰ কাম সম্পূৰ্ণ হৈ উঠা নাই বুলি সীমান্ত বাসীয়ে এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। ইফালে ধনশিৰি মহকুমাত বৰ্তমানেও বৰষুণ নোহোৱাত কৃষক ৰাইজে পানীৰ অভাৱত ধানৰ বীজ সিঁচিব পৰা নাই। মহকুমাটোত পানীৰ অভাৱত কৃষকৰ মাজত হাহাকাৰ সৃষ্টি হৈ থকা সময়তে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে বিভাগটোৰ বিষয়া কৰ্মচাৰীক লৈ ইতিমধ্যে নদীখনৰ ওপৰত নিৰ্মাণ কৰি থকা বান্ধটোৰ কামৰ অগ্ৰগতিৰ ঠাইতে বুজ লোৱাৰ লগতে বান্ধ টোৰ নিৰ্মাণৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।