Daily Time Axom

গৰমৰ দিনত ছালত পৰা ক’লা ছামনী কেনেকৈ আতঁৰাব?

0 8

ডিজিটেল ডেস্ক: গৰমৰ দিনকেইটাত আমি বহু সময়ত বহু সমস্যাত ভুগিব লগা হ’য়।অত্যাধিক গৰম আৰু ৰ’দৰ বাবে আমাৰ ছালত বিভিন্ন সমস্যাই দেখা দিয়ে।আজি আপোনালোকলৈ গৰমৰ দিনত ছালৰ যতন সম্পৰ্কীয় দুটা উপায় আগবঢ়াইছো।

১/ গৰমৰ দিনত ৰ’দত ওলাবলৈ আমি সকলোৱে টান পাওঁ যদিও উপায়ন্তৰত বিভিন্ন কামৰ বাবে ওলাব লগা হ’য়।যাৰ ফলত আমাৰ ছালত ক’লা ছামনী বহে।দেহত পৰা এই ছামনী নোহোৱা কৰিবলৈ আপুনি প্ৰথমে অলপ আনাৰসৰ ৰস লওক‌।আনাৰসৰ ৰস খিনিৰ লগত আপুনি অলপমান ঘৰুৱা মৌ দি তাৰ এটা মিশ্ৰণ বনাওক।মিশ্ৰণটো ধুনীয়াকৈ বনোৱাৰ পিছত খুউব ধুনীয়া কৈ সেইখিনি আপোনাৰ ,মুখত অথবা দেহৰ ক’লা পৰা অংশ সমুহত লগাই ১৫ৰ পৰা ২০ মিনিটমান সময় ৰাখি থওক।পিছত সেইখিনি পৰিস্কাৰ পানীৰে ধুই পেলাওক।নিয়মীয়াকৈ এনে কৰিলে আপুনি সুফল লাভ কৰিব।

২/শৰীৰ ভালে ৰখাৰ লগতে ছালৰ সতেজতা বৃদ্ধি কৰিবৰ বাবে আপুনি ফল-মূলৰ ওপৰিও গজালি ওলোৱা বুট-মগু আদি খাব পাৰে এনে কৰাটো দেহৰ আৰু ছালৰ বাবে অতি প্ৰয়োজনীয়।ইয়াৰ লগতে তিঁয়হেও দেহটো শীতল কৰি ৰাখে।

Leave A Reply

Your email address will not be published.