Daily Time Axom

সৰুপথাৰত শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু দিৱস পালন ধনশিৰি মহকুমা প্ৰশাসনৰ

0 15

ডিজিটেল ডেস্ক : ১৯৪২ চনত সমগ্ৰ দেশজুৰি ইংৰাজৰ বিৰুদ্ধে হোৱা ভাৰত ত্যাগ আন্দোলনৰ গণ বিপ্লৱত জঁপিয়াই পৰা শ্বহীদ কুশল কোঁৱৰ ভাৰতৰ ঐতিহাসিক মুক্তি সংগ্ৰামৰ এক উজ্বল নক্ষত্ৰ । দেশ মাতৃৰ স্বাধীনতাৰ হকে আত্মবলিদান দিয়া অসমৰ কনকলতা,মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, তিলক ডেকা আদি বীৰ শ্বহীদ সকলৰ লগতে সৰুপথাৰৰ শ্বহীদ কুশল কোঁৱৰৰ নামো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত যুগে যুগে সোণালী আখৰেৰে আজিও জিলিকি আছে। ১৯৪৩ চনৰ ১৫ জুনত বৃটিছৰ ফাঁচী কাঠত ওলমাৰ পূৰ্বে দেশ মাতৃৰ স্বাধীনতাৰ হকে প্ৰাণাহুতি দিয়া কুশল কোঁৱৰে পৰিয়ালৰ লোকক কৈছিল মই ভাৰতবৰ্ষৰ কোটি কোটি মানুহৰ মুক্তিৰ অৰ্থে প্ৰাণ দিম। দেশ আৰু মানুহৰ কাৰণে প্ৰাণ দিবলৈ পোৱাতকৈ জীৱনৰ ডাঙৰ সৌভাগ্য আৰু কি হব পাৰে।ইয়াত দুখ কৰিব লগীয়া একো নাই।মই ওলালোঁ, দেশে তোমালোকক চাব ।আৰু এই দায়িত্ব মূৰপাতি লৈয়ে ৰাজ্য চৰকাৰে ১৫ জুনৰ দিনটো মহান শ্বহীদ গৰাকীৰ মৃত্যু দিৱস সমগ্র ৰাজ্যজুৰি পালন কৰি আহিছে।গোলাঘাট জিলাৰ সৰুপথাৰতো আজি ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত অমৰ শ্বহীদ কুশল কোঁৱৰৰ ৭৮ সংখ্যক মৃত্যু দিৱস পালন কৰে। সাম্প্রতিক কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ সম্পূৰ্ণ কোভিড বিধি মানি আজি ধনশিৰি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা সৰুপথাৰ নগৰৰ মাজমজিয়াৰ ৰাজহুৱা ভৱনৰ প্ৰাঙ্গনত থকা বীৰ শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পমাল্য অৰ্পনেৰে শ্ৰদ্ধা জ্ঞাপন কৰে ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সহকাৰী আয়ুক্ত নিপজ্যোতি পাতিৰি আৰু এ ঠাকুৰীয়াই।অনুষ্ঠানত ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক ডিম্বেশ্বৰ শইকীয়া, মুনিন তাঁতী, প্ৰবিত্র গগৈৰ লগতে ধনশিৰি জিলা মুক্তি যুঁজাৰু সতি সন্ততি পৰিয়ালৰ হৈ লোকনাথ চুতীয়া, দুগ্ধ কোঁৱৰ, মনোজ ঘোষ, প্রদীপ কলিতা সহ ভালেকেইজন ব্যক্তি উপস্থিত থাকি বীৰ শ্বহীদ গৰাকীক স্মৰণ কৰে। ইফালে সৰুপথাৰৰ ২ নং গন্ধকৰৈ গাঁৱৰ কুশল কোঁৱৰৰ বাসগৃহটো আজি পৰিয়ালে শ্বহীদ গৰাকী প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে। দেশৰ হকে হাঁহি মুখে বৃটিছৰ ফাঁচী কাঠত ওলমি মৃত্যু বৰণ কৰা এইগৰাকী মহান বীৰ শ্বহীদৰ আজি মৃত্যু দিৱসত আপকু ধনশিৰি মহকুমা সমিতি,ধনশিৰি জিলা কৰ্মচাৰী পৰিষদৰ লগতে বিভিন্ন অনুষ্ঠান সংগঠনেও শ্ৰদ্ধাৰে সোঁৱৰিছে।

Leave A Reply

Your email address will not be published.