ডিজিটেল ডেস্ক :
১৯৪২ চনৰ স্বাধীনতা আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত স্বাধীনতা সেনানীয়ে ব্ৰিটিছৰ সৈন্য কঢ়িয়াই অনা এখন ৰেলগাড়ী বগৰোৱা ঐতিহাসিক সৰুপথাৰৰ “শুকাননলা” নামৰ স্থান ডুখৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে আজি বীৰ শ্বহীদ গৰাকীৰ ৭৮ সংখ্যক মৃত্যু দিৱসৰ প্ৰবিত্র দিনটোতে ৯৪ নং সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে এটি স্মৃতি সৌধ নিৰ্মাণৰ আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰে। ইয়াৰ পূৰ্বে বিধায়ক গৰাকীয়ে বীৰ শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত ধূপ আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।ইয়াৰ পিছতে উক্ত স্থানতে অনুষ্ঠিত এক সভাত সভাপতিত্ব কৰে সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সিদ্ধেশ্বৰ বৰাই।
অৱনী শৰ্মাই আঁত ধৰা সভাত ধনশিৰি মহকুমাৰ মহকুমাধিপতি জাভীৰ ৰাহুল সুৰেশ, মহকুমা আৰক্ষী বিষয়া ট্ৰিনয়ন ভূঞা,নিৰ্বাচনী বিষয়া কৃষাণ জ্যোতি ডেকা, ধনশিৰি জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি দিলীপ কোঁৱৰ,সহ কেবাগৰাকী জ্যেষ্ঠ নাগৰিকৰ লগতে কুশল কোঁৱৰৰ নাতি মৃদুল কোঁৱৰো উপস্থিত থাকে।উল্লেখ যে ,৪২’ৰ স্বাধীনতা আন্দোলনৰ সময়ত স্বাধীনতা সেনানীয়ে ব্ৰিটিছৰ ৰেল বগৰোৱা ঘটনাৰ স্থান সৰুপথাৰৰ শুকাননলা ঠাইডুখৰ উপযুক্ত সংৰক্ষণ কৰি ঠাইডুখৰত এটা স্মাৰক নিৰ্মাণৰ বাবে ধনশিৰি মহকুমাৰ বিভিন্ন দল সংগঠন তথা অনুষ্ঠানে আজি বহু বছৰৰ পৰা চৰকাৰৰ লগতে ৰেল বিভাগৰ ওচৰত সৰৱ দাবী জনাই আহিছিল যদিও কোনেও গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত ন’হল। কিন্তু নৱগঠিত ৰাজ্য চৰকাৰৰ সৰুপথাৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক বিশ্বজিত ফুকনৰ বলিষ্ঠ পদক্ষেপৰ বাবে আজি ঐতিহাসিক উক্ত স্থানডুখৰ উপযুক্ত সংৰক্ষণ কৰি এটা স্মৃতি সৌধ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ লোৱা কাৰ্যত সকলোৱে বিধায়ক গৰাকীৰ শলাগ লোৱা পৰিলক্ষিত হৈছে।