Daily Time Axom

অসমৰ ভূমিত নগাৰ ৰাজত্ব ! অ’ এন জি চিৰ তিনিটাকৈ ড্ৰিলিং চাইট বন্ধ কৰিলে নগা প্ৰশাসনে।। সাংবাদিকক বাধা প্ৰদান।।

0 11

ডিজিটেল ডেস্কঃ অসম নাগালেণ্ড সীমাৱৰ্তী গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত বি’ চেক্টৰত নাগালেণ্ড প্ৰশাসনে অ’এন জি চিৰ তিনিটা ড্ৰিলিং চাইট বন্ধ কৰি দিয়া ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে বি’ ছেক্টৰৰ নিকেহু, পিহেকো আৰু টকচে বস্তিত তেল আৰু প্ৰাকৃতিক গেছ আয়োগে প্ৰায় ২০০৩ চনৰে পৰাই খনন চলাই খাৰুৱা তেল উদ্ঘাটন কৰি আহিছে। কিন্তু নগা প্ৰশাসনে যোৱা ১ জুনৰ দিনা অ’ এন জি চিৰ যোৰহাট চিনামৰাস্থিত বেচিন মেনেজাৰলৈ দিয়া এখন পত্ৰই সকলো ওলট-পালট ঘটোৱাৰ উপক্ৰম ঘটাইছে। উক্ত পত্ৰ যোগে নগা প্ৰশাসনৰ অনুমতি নোলোৱাকৈ উক্ত অঞ্চলত ৰিগকেইটা স্থাপন কৰা হৈছে বুলি অভিযোগ কৰি তেলৰ উদ্ঘাটন বন্ধ কৰিবলৈ দাবী কৰা হৈছে বুলি প্ৰকাশ।

ফলস্বৰূপে উক্ত ৰিগকেইটাত বৰ্তমান কোম্পানীটোৱে খাৰুৱা তেলৰ উদ্ঘাটন কাৰ্য বন্ধ ৰাখিছে। অসমৰ ভূমিত নগাই চলোৱা এনে ৰাজত্বৰ বাবে বিভিন্ন মহলে স্থানীয় প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰখনকো তীব্ৰ সমালোচনা কৰিছে।

সীমান্তৱৰ্তী অঞ্চলটোত অ’ এন জি চিৰ তিনিটাকৈ ৰিগৰ তেল উদ্ঘাটন কার্য নগা প্ৰশাসনে বন্ধ কৰি দিয়াৰ খৱৰ পাই আজি ধনশিৰি মহকুমাৰ সাংবাদিকৰ দল এটাই ঘটনাৰ বুজ ল’বলৈ সীমাৰ উক্ত অঞ্চললৈ ৰাওনা হৈছিল যদিও নগালোকৰ বাধাৰ বাবে নিৰ্দিষ্ট ৰিগটোৰ সন্মুখৰ পৰাই ঘূৰি আহিবলৈ বাধ্য হয়। জনা মতে উক্ত গাঁওখনৰ এজন নগা যুৱকে সাংবাদিকৰ দলটোক আগভেটি ধৰি সেই অঞ্চল নগাৰাজ্যৰ বুলি দাবী কৰি তাৰ পৰা ঘূৰি আহিবলৈ তীব্ৰ হেঁচা প্ৰয়োগ কৰে। তদুপৰি যুৱকজনে নগা উগ্ৰপন্থী সংগঠনৰো ভয় দেখুৱাই সাংবাদিকৰ দলটোক। অসমৰ ভূমিতে নগাই এনেদৰে দপদপাবলৈ ক’ত সাহস পালে বুলিও ধনশিৰিৰ বিভিন্ন দল সংগঠনে প্ৰশ্ন উত্থাপন কৰিছে। ইপিনে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা বিষয়টোৰ শীঘ্ৰে সুমীমাংসা নহ’লে নগাৰাজ্যৰ বিৰুদ্ধে অচিৰেই অৰ্থনৈতিক অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সকিয়াই দিছে।

Leave A Reply

Your email address will not be published.