Daily Time Axom

অসমীয়া ছবি জগতলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে ‘বেলকনিত ভগৱান’ নামৰ চলচ্চিত্ৰখনে

0 7

ডিজিটেল ডেস্ক: অসমীয়া ছবি জগতলৈ পুনৰ সুনাম কঢ়িয়াই আনিছে পূৰ্বৰে পৰা চৰ্চাত থকা কথাছবি ‘বেলকনিত ভগৱান’য়ে।শেহতীয়াকৈ জাৰ্মানীৰ বিখ্যাত চলচ্চিত্ৰ মহোৎসৱ 18th Indian flim festival of stuttgart 2021 ৰ বাবে ‘বেলকনিত ভগৱান’য়ে officially selection লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰোপৰিও ২০ জুলাইৰ পৰা ২৫ জুলাইলৈকে হ’ব লগা জাৰ্মানীৰ এই বিখ্যাত চলচ্চিত্ৰ মহোৎসৱখনিত কথাছবিখনে ‘শ্ৰেষ্ঠ কথাছবিৰ’ German star of india বটাঁৰ বাবেও অংশগ্ৰহণ কৰিব। নুৰুল চুলতান প্ৰযোজনা কৰা আৰু বিশ্বজিত বৰাই পৰিচালনা কৰা এই কথাছবিখনে ইতিমধ্যেই বিশ্বৰ উচ্চতম চলচ্চিত্ৰ মহোৎসৱসমূহত চৰ্চিত হ’বলৈ সক্ষম হৈছে। বিভিন্ন চলচ্চিত্ৰ মহোৎসৱসমূহত ভাগ লৈ বিভিন্ন সন্মান লাভ কৰিছে কথাছবি খনে।’বেলকনিত ভগৱান’।নামৰ এই চলচ্চিত্ৰ খনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা হাৰিশ খান্নাই।বিভিন্ন বটাঁৰে অহৰহ সন্মানিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই অনা এইখন চলচ্চিত্ৰ অসমৰ ৰাইজে অতিশীঘ্ৰে উপভোগ কৰিবলৈ পাব বুলি প্ৰযোজকে সদৰি কৰিছে।

Leave A Reply

Your email address will not be published.