Daily Time Axom

সীমা সমস্যাৰ স্থায়ী সমাধান আৰু নগাৰ আগ্ৰাসন ৰোধ কৰাৰ দাবীত সৰুপথাৰত আছু , চুতীয়া ছাত্ৰৰ মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ।

0 13

ডিজিটেল ডেস্ক :অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধানৰ লগতে সীমান্তত নগাৰ আগ্ৰাসন ৰোধ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত আজি গোলাঘাট জিলাৰ সৰুপথাৰত ধনশিৰি মহকুমা ছাত্ৰ সন্থা আৰু চুতীয়া ছাত্ৰ সন্থাই এক মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰৰ বিৰুদ্ধে তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চুতীয়া ছাত্র সন্থাৰ সহযোগত পুৱা প্ৰায় ১১ বজাত ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা কৰে। প্ৰতিবাদী কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰা প্ৰতিবাদী সকলে হাতে হাতে বেনাৰ,প্লেকাৰ্ড আদি লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদ প্ৰাঙ্গন উত্তাল কৰি তোলে।উল্লেখ যে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নগালেণ্ড উৰিয়ামঘাট সীমান্তত তিনিটাকৈ তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ তৈলখাদ শেহতীয়াকৈ নগায়ে বন্ধ কৰাক লৈ মহকুমাটোত বৰ্তমাননেও প্ৰতিক্ৰিয়া অব্যাহত আছে । আৰু এই প্ৰতিক্ৰিয়াৰ মাজতে আজি সৰুপথাৰত আছু আৰু চুতীয়া ছাত্ৰ সন্থাই সাম্প্ৰতিক দেশৰ কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ সম্পূৰ্ণ কোভিড বিধি মানি এক মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা প্ৰতিবাদী সকলে অসম নগালেণ্ড সীমা সমস্যাটো চৰকাৰে বৰ্তমানেও স্থায়ী সমাধানৰ কোনো ব্যৱস্থা হাতত লোৱা নাই বুলি অভিযোগ কৰাৰ লগতে প্ৰতিবাদী সকলে অসম চৰকাৰ তথা প্ৰশাসনৰ দুৰ্বল ভূমিকাক ঢাল হিচাপে লৈ নগাই ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্ত অঞ্চলত সঘনে আগ্ৰাসন চলাবলৈ পাইছে বুলি এক গুৰুত্ত্বৰ অভিযোগ উলথাপন কৰে ।প্ৰতিবাদী সকলে লগতে সীমান্ত বাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈও প্ৰতিবাদ স্থলীত চৰকাৰৰ ওচৰত দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীত আছুৰ ধনশিৰি মহকুমা সমিতিৰ সভাপতি বিকাশ বৰা, সাধাৰণ সম্পাদক মিন্টু গগৈ সহ আছু আৰু চুতীয়া ছাত্র সন্থাৰ অন্যান্য বিষয় ববীয়া সকল উপস্থিত থাকে।পিছত প্ৰতিবাদী সকলে সীমান্তত নগাই কাম কাজ বন্ধ কৰি থোৱা অ’এন জি চিৰ তিনিটা ড্ৰিলিং চাইটৰ কাম কাজ শীঘ্ৰে আৰম্ভ কৰাৰ যাবতীয় ব্যৱস্থা হাতত লোৱাৰ লগতে অসম নগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধানৰ দাবীত ধনশিৰি মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী লৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰে । ইফালে অনুৰূপ বিষয়ৰ ওপৰত একেদিনাই গোলাঘাট জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকাশ দাৱ আৰু সম্পাদক ৰূপম গগৈ ,ধনশিৰি মহকুমা সমিতিৰ সভাপতি দ্বীপেন বড়া আৰু সম্পাদক দীপাংকৰ চবৰৰ দ্বাৰা স্বাক্ষৰিত আন এখন স্মাৰক পত্ৰও ধনশিৰি মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী লৈ বুলি প্ৰেৰণ কৰে। ছাত্র সংগঠনটোৱে স্মাৰক পত্ৰত উল্লেখ কৰা দাবী সমূহ শীঘ্ৰে সমাধানৰ ব্যৱস্থা হাতত নললে অচিৰেই নগালেণ্ডৰ বিৰুদ্ধে এক অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী হাতত লোৱাৰো হুংকাৰ প্ৰদান কৰিছে।

Leave A Reply

Your email address will not be published.