Daily Time Axom

১২কিমি খোজকাঢ়ি গৈ নিতৌ অনলাইন অধ্যয়ন কৰিব লাগে ছাত্র-ছাত্ৰীয়ে।

0 6

ডিজিটেল ডেস্কঃ কৰ’না মহামাৰীক ৰোধ কৰিবৰ বাবে বলৱৎ কৰা লকডাউনৰ এই সময়ছোৱাত শিক্ষাদান প্ৰক্ৰিয়া অব্যাহত ৰাখিবৰ বাবে কেৰেলা চৰকাৰে শৈক্ষিক প্ৰতিষ্ঠানসমূহত অনলাইন শিক্ষাদান কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল।কেৰেলাৰ প্ৰায়ে স্থানত ম’বাইল টাৱাৰ আছে যদিও কিছু কিছু ভিতৰুৱা গ্ৰামীণ অঞ্চলত এতিয়াও নেটৱৰ্ক নাপায়। উদাহৰণস্বৰূপে ৰাজ্যখনৰ ইডুক্কী জিলাৰ কিছুমান প্ৰত্যন্ত গ্ৰামীণ অঞ্চলৰ কথা ক’ব পাৰি । জিলাখনৰ পিছপৰা অঞ্চলৰ বিদ্যালয়সমূহৰ ছাত্র-ছাত্ৰীয়ে কয় যে -‘তেওঁলোকে নেটৱৰ্কৰ সমস্যাৰ বাবে ভালদৰে পাঠদান বুজিব পৰা নাই। ‘ আনহাতে এই সম্পৰ্কে এগৰাকী ছাত্রীয়ে কয় যে – ” নিতৌ ১২কিমি খোজকাঢ়ি গৈ এৰাভিকুলম ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ অধ্যয়ন কৰিবলগীয়া হয়। “ৰাষ্ট্ৰীয় উদ্যানখনত থকা বেঞ্চত বহি ছাত্র-ছাত্ৰীয়ে অধ্যয়ন কৰিবলগীয়া হয়। বিগত বছৰৰ জুন মাহৰ পৰা এইদৰে ম’বাইল নেটৱৰ্ক থকা স্থান বিচাৰি অধ্যয়ন কৰি আহিছে এইসকল ছাত্র-ছাত্ৰীয়ে। ইফালে ৰাজ্য চৰকাৰে উক্ত সমস্যাটোৰ ওপৰত গুৰুত্ব দি দুসপ্তাহৰ ভিতৰত ইডুক্কী জিলাৰ নেটৱৰ্ক নথকা স্থানত নেটৱৰ্কৰ সুবিধা কৰি দিব বুলি ঘোষণা কৰে।

Leave A Reply

Your email address will not be published.