সীমান্তৰ চুঙাজানত বন্যহস্তীৰ তাণ্ডৱ ২ টা পৰিয়ালৰ ঘৰ লণ্ড ভণ্ড । আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী আটছাৰ ।
ডিজিটেল ডেস্ক :গোলাঘাট জিলাৰ মৰঙী অঞ্চলত যোৱা কিছুদিন ধৰি বন্য হস্তীয়ে বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে বন্য হস্তীৰ আক্ৰমণত দুগৰাকীকৈ লোক নিহত হোৱাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতে পুনৰ যোৱা নিশা ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৱৰ্তী চুঙাজানৰ নাওকাটা অঞ্চলত বন্য হস্তীৰ এটা বৃহৎ জাক প্ৰৱেশ কৰি দুটাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰে। ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে যোৱা নিশা প্ৰায় ২ বজাত চুঙাজান নাওঘাট খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত নাওকাটাত প্ৰায় ১৪ জনীয়া বন্য হস্তীৰ এটা জাক প্ৰৱেশ কৰি গাওঁ খনৰ কৃষ্ণ মুণ্ডা আৰু বসন্ত মুণ্ডা নামৰ দুজন লোকৰ থকা ঘৰৰ লগতে ভঁৰাল ঘৰ ভাঙি লণ্ড ভণ্ড কৰে।ইয়াৰোপৰি হাতীৰ বৃহৎ জাকটোৱে পৰিয়াল কেইটাৰ বাৰীত থকা বিভিন্ন গছ গছনি খাই তহিলং কৰে।জানিব পৰা মতে বৃহৎ হাতীৰ জাকটো কৃষ্ণ আৰু বসন্তৰ ঘৰত সোমাবলৈ লোৱাৰ সময়তে পৰিয়াল দুটাৰ লোকসকল নিশাই কিংকৰ্তব্যবিমূৰ হৈ যেনি তেনি পলাই হাৰে।
উল্লেখ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা প্ৰায় বিলাক বনাঞ্চল প্রায় ধ্বংস হোৱাৰ বাবে বাসস্থানৰ লগতে খাদ্যৰ সন্ধানত বন্য হস্তীয়ে বৰ্তমান সঘনাই জনাঞ্চলত প্ৰৱেশ কৰিবলৈ লৈছে।আৰু এনে কাৰণতে হাতী আৰু মানুহৰ সংঘাত ক্ৰমশঃ বৃদ্ধি পাবলৈ লৈছে বুলি সচেতন মহলে মত পোষণ কৰিছে।ইফালে যোৱা নিশা চুঙাজানত বন্য হস্তীৰ জাকটোৱে ভাঙি লণ্ড ভণ্ড কৰা পৰিয়াল দুটাৰ গৃহ পুনৰ নিৰ্মাণৰ বাবে কিছু আর্থিক সাহাৰ্য প্ৰদান কৰিবলৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সৰুপথাৰ শাখাৰ সভাপতি পুণেশ্বৰ মুণ্ডা আৰু সম্পাদক উমেশ ঘাটোৱাৰে প্ৰশাসন তথা চৰকাৰৰ ওচৰত দাবী জনাইছে।