ডিজিটেল ডেস্কঃশনিবাৰে পশ্চিম নলবাৰী ধৰ্মপুৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু ধৰ্মপুৰ সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ ৫১সংখ্যক জন্মদিন পালন কৰে। তেওঁৰ জন্মদিন উপলক্ষে শনিবাৰে বিহামপুৰত ক’ভিড আক্ৰান্ত পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে কংগ্ৰেছ কৰ্মীসকলে।
আনহাতে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি ৰাতুল পাটোৱাৰীয়ে আজি জিলাখনৰ ৬১নং ধৰ্মপুৰ সমষ্টিৰ বিহামপুৰত প্ৰায় ১০০ গৰাকী লোকৰ মাজত উক্ত সামগ্ৰী খিনি বিতৰণ কৰে বুলি জনায়। ধৰ্মপুৰ কংগ্ৰেছৰ কেইবাগৰাকী জ্যেষ্ঠ আৰু কনিষ্ঠকৰ্মী উক্ত অনুষ্ঠানটোত উপস্থিত থাকে ।