Daily Time Axom

অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে মিজুৰামৰ লালৰেমছিয়ামীয়ে

0 8

ডিজিটেল ডেস্ক: মিজুৰামলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ২১ বছৰীয়া যুৱতী।২১ বছৰীয়া লালৰেমছিয়ামীয়ে যোগ্যতা অৰ্জন কৰিছে টকিঅ’ অলিম্পিকলৈ।অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লালৰেমছিয়ামী হৈছে মিজুৰামৰ প্ৰথমগৰাকী মহিলা।টকিঅ’ অলিম্পিকত ভাৰতীয় মহিলা হকী দলক প্ৰতিনিধিত্ব কৰিব মিজুৰামৰ লালৰেমছিয়ামীয়ে।উল্লেখযোগ্য যে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা মিজুৰামৰ প্ৰথমগৰাকী মহিলা হোৱাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে লালৰেমছিয়ামী আৰু তেওঁৰ পৰিয়ালবৰ্গ।ইয়াৰোপৰিও ২০১৮ চনত লালৰেমছিয়ামীয়ে বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

Leave A Reply

Your email address will not be published.