আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।

ডিজিটেল ডেস্কঃ আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আমি সকলোৱে জ্ঞাত যে,যোগে আমাৰ মন, শৰীৰ আৰু আত্মাক সংযোগ কৰি আমাৰ ভিতৰৰ সুপ্ত শক্তিসমূহ জাগ্ৰত কৰি ৰাখে । যোগে মস্তিষ্কক সন্তুলিত কৰি , মন পবিত্ৰ কৰি, ঈশ্বৰৰ সৈতে আত্মাৰ সম্পৰ্ক স্থাপন কৰি ৰাখিব পাৰে।যোগে মানুহৰ মনোবল বৃদ্ধি কৰি হতাশগ্ৰস্থতা দূৰ কৰে । সকলোৱে যোগ কৰাটো খুবেই প্ৰয়োজনীয়।২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪চনতে বিশ্ব শান্তি আৰু সহযোগিতা বৃদ্ধিৰ মানসেৰে ৰাষ্ট্ৰসংঘলৈ আগবঢ়োৱা প্ৰস্তাৱৰ অনুমোদন জনায় আৰু উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন ২১ জুন তাৰিখটোকে ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰে ।
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উদ্দেশ্যঃ
১) যোগৰ বিস্ময়জনক প্ৰাকৃতিক উপকাৰিতাৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা ।
২)যোগাভ্যাসৰ যোগেদি মানুহক প্ৰতিকূল পৰিবেশৰ পৰা উদ্ধাৰ কৰি মানসিক উদ্বিগ্নতা দূৰ কৰা ।
৩) সমগ্ৰ বিশ্বক প্ৰগতিৰ পথত আগুৱাই নিয়া আৰু শান্তি স্থাপন কৰা ।
৪) স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টিকাৰী ৰোগসমূহৰ হাৰ হ্ৰাস কৰা ।
৫)যোগ অভ্যাসৰ দ্বাৰা মানুহক প্ৰকৃতিৰ সৈতে সংযোগ কৰা ।
“শৰীৰমাদ্যং খলু ধৰ্মসাধনম্”- শৰীৰেই সাধনাৰ ভিত্তিভূমি । এই ভিত্তিভূমি সুদৃঢ় কৰিব পাৰিলে দেহ শুদ্ধ হ’ব । দেহ শুদ্ধ হোৱা মানেই মনো শুদ্ধ হোৱা । ইয়াৰ বাবে সকলোৱে নিয়মিতভাৱে আসন, প্ৰাণায়মৰ অভ্যাস কৰিব লাগে ‌।
আনহাতে আজি সমগ্র দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা পৰিলক্ষিত হয়।

Comments (0)
Add Comment