সৰুপথাৰত ক’ভিডৰ নীতি নিৰ্দেশনা নমনা লোকৰ বিৰুদ্ধে কঠোৰ আৰক্ষী ।

ডিজিটেল ডেস্ক :দেশত সম্প্রতি দ্ৰুত গতিত বৃদ্ধি পাবলৈ লোৱা ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে প্ৰস্তুত কৰা নীতি নিৰ্দেশনা নমনা লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসন। সমান্তৰালভাৱে ক’ভিড ১৯ ৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এক ব্যতিক্ৰমী প্ৰচেষ্টা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ধনশিৰি মহকুমা আৰক্ষীয়ে ৷ ধনশিৰি মহকুমাত নতুনকৈ যোগদান কৰা মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত মহকুমাটোৰ সৰুপথাৰ, বৰপথাৰ, নাওজান,উৰিয়ামঘাট আদি বিভিন্ন অঞ্চলত নিয়ম ভংগকাৰী বিভিন্নজনক জৰিমনা বিহিছে আৰক্ষীয়ে ৷ ইফালে, সকলোৱে মিলি যাতে ক’ৰণা ভাইৰাছ ৰোধ কৰি এখন সুষ্ঠ আৰু সবল সমাজ গঢ়ি তুলিব পাৰে তাৰবাবে আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিছে ৷ “ক’ভিড ১৯ আমাৰ শত্ৰু, অসম আৰক্ষী আমাৰ বন্ধু, ক’ভিড ১৯ৰ এচ অ পি আমাৰ অস্ত্ৰ” এই শ্লোগানেৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে ধনশিৰি মহকুমাৰ আৰক্ষীয়ে ৷ আনহাতে ,ক’ভিডৰ নীতি নিৰ্দেশনা ভংগকৰা লোকসকলে কৰ্তব্যৰত আৰক্ষীক নানা অজুহাত দেখুওৱাও পৰিলক্ষিত হৈছে। উল্লেখ্য যে সম্প্ৰতি গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বিভিন্ন অঞ্চলত শেহতীয়াকৈ প্ৰতিদিনে কৰোনা ভাইৰাছৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। এনে ক’ভিডৰ দ্ৰুত সংক্ৰমণৰ মাজতে চৰকাৰে প্ৰস্তুত কৰা কোনো কোভিড বিধি নামানি মহকুমাটোৰ একাংশ লোকে বিভিন্ন অজুহাত দেখুৱাই যেনি তেনি অনাই বনাই ঘূৰি ফুৰা পৰিলক্ষিত হৈছে।

Comments (0)
Add Comment