সৰুপথাৰৰ টীকাকৰণ কেন্দ্ৰত কোভিড প্ৰটকল ভংগ , ভেকচিন লবলৈ অহা লোকৰ মাজত নাই সামাজিক দূৰত্ব ।

ডিজিটেল ডেস্ক :আজিৰে পৰা আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ বিনামূলীয়া টীকাকৰণৰ প্ৰথম দিনটোতেই গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ বিভিন্ন টীকাকৰণ কেন্দ্ৰত ক’ভিড প্রটকল ভংগ কৰা দেখা গল। বিশেষকৈ মহকুমাটোৰ সৰুপথাৰৰ পদুমণি এম ই স্কুলত প্ৰশাসনে স্থাপন কৰা আদৰ্শ ক’ভিড প্ৰতিষেধক কেন্দ্ৰত কোনো ধৰণৰ আদৰ্শ প্ৰতিচ্ছবি দেখা পোৱা নগল । সৰুপথাৰৰ উক্ত আদৰ্শ টীকাকৰণ কেন্দ্ৰত বিনামূলীয় ভেকচিন লবলৈ বিভিন্ন ঠাইৰ পৰা পুৱা ৮ বজাৰ পৰা ভিৰ কৰা ৰাইজৰ মাজত কোনো ধৰণৰ সামাজিক ব্যৱধান তিলমানো মানি চলা পৰিলক্ষিত নহল ।\

ইফালে কেন্দ্ৰটোত আঁচম্বিতে উপস্থিত হোৱা কেইজনমান সাংবাদিকৰ কেমেৰা দেখি আদৰ্শ কেন্দ্ৰটোত নিয়োজিত এগৰাকী চিকিৎসা কৰ্মীক হঠাৎ সক্ৰিয় হৈ পৰা দেখা গল ।

উল্লেখযোগ্য যে জিলা খনৰ একেটা ধনশিৰি মহকুমাতে ক’ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সৰুপথাৰৰ বিভিন্ন অঞ্চলত আৰক্ষীয়ে ক’ভিডৰ চৰকাৰী নীতি নিয়ম ভংগকাৰী সকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ লগতে ক’ভিডক লৈ সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ লোৱাৰ বিপৰীতে কিন্তু সৰুপথাৰৰ পদুমণি এম ই স্কুলত প্ৰশাসনে স্থাপন কৰা আদৰ্শ ক’ভিড প্ৰতিষেধক কেন্দ্ৰত ভেকচিন লবলৈ অহা লোকৰ কোনোধৰণৰ ক’ভিড প্ৰটকল মানি চলা পৰিলক্ষিত নহল । যাক কেন্দ্ৰ কৰি বৰ্তমান মহকুমাটোৰ সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

Comments (0)
Add Comment