Daily Time Axom

ধনশিৰিত সীমান্ত উন্নয়নৰ কাম কাজ পৰিদৰ্শন সঞ্চালক-উপসচিবৰ ।

0 14

ডিজিটেল ডেস্ক : গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্ত অঞ্চলৰ কেতবোৰ স্থানত অসম চৰকাৰৰ সীমান্ত উন্নয়ন বিভাগৰ আঁচনিৰ পুঁজিৰে নিৰ্মাণ কৰা কেবাটাও আঁচনি ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰিবলৈ বুলি ২১ জুনত সীমান্তৰ উৰিয়ামঘাটত উপস্থিত হয়হি অসম চৰকাৰৰ সীমান্ত উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব তথা সঞ্চালক ডি বি মালাকাৰ আৰু উপ সচিব সুৰজিৎ বৰা ।

জানিব পৰা মতে সীমান্ত উন্নয়ন বিভাগৰ উচ্চ পদস্থ বিষয়া কেইগৰাকীয়ে মহকুমাটোৰ এ, বি আৰু চি চেক্টৰৰ অন্তৰ্গত চেতিয়া গাওঁ, ৰোমানবস্তি, চেইনপুৰ ,ঘোলাপানী আদি ঠাইৰ বি অ’ পি কেম্প সমূহৰ লগতে উৰিয়ামঘাটত নিৰ্মাণ কৰা এটা সাংস্কৃতিক ভৱনৰ লগতে সীমান্ত উন্নয়ন বিভাগৰ আৱন্তিত পুঁজিৰে নিৰ্মাণ কৰা বিভিন্ন আঁচনিৰ কাম কাজ সমূহ ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰি আঁচনি সমূহৰ বুজ লয়।জানিব পৰা মতে সীমান্ত উন্নয়ন বিভাগৰ উচ্চ পদস্থ বিষয়া কেইগৰাকীৰ লগত ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধীশ কৃষাণ জ্যোতি ডেকা, বড়ো কছাৰী অট’নমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্য প্রদীপ স্বৰ্গীয়াৰীও উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.