Daily Time Axom

ধনশিৰি সীমান্তত পখিলাৰ আতংকত ভূগিছে কৃষক ৰাইজ ৷

0 17

ডিজিটেল ডেস্ক :পখিলাৰ বাবে আতংকিত হোৱা ঘটনা নিশ্চয়কৈ অস্বাভাৱিক ৷ কিন্তু এনে এক ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৰ্বতী বি’ চেক্টৰৰ অন্তৰ্গত কেবাটাও অঞ্চলত ৷ জানিব পৰা মতে সীমামূৰীয়া অঞ্চলটোৰ নয়াজান, পুখুৰীপাৰা , জানজুৰি, মহনপুৰ, মুগাপাৰা, চামুগুৰি, ধূপগুৰি, নৱপুৰ, চালুকপথাৰ, সোণোৱাল গাওঁ আদি কেবাখনো গাঁৱৰ কৃষক ৰাইজ বৰ্তমান পখিলাৰ আতংকত ভোগিছে ৷এটা বিস্তৃত অঞ্চল ছানি ধৰিছে এই বিৰল প্ৰজাতিৰ জাক জাক পখিলাই। গছ গছনিৰ পাতকে ধৰি খেতিয়কৰ মাটিত উৎপাদিত বিভিন্ন খেতিত বৰ্তমান বাৰুকৈয়ে চলাইছে উপদ্ৰব । সম্প্ৰতি বিৰল প্ৰজাতিৰ এই পখিলা বিধে এফালৰ পৰা গছৰ পাত সমূহ খাই যোৱাৰ ফলত লঠঙা হৈ পৰিছে পৈণত গছ সমূহো। বৰ্তমান ইয়াকে লৈ ভৱিষ্যতৰ অনিশ্চয়তাৰ আতংকত ভুগিছে অঞ্চলটোৰ কৃষক ৰাইজ ৷


ঘটনাৰ প্ৰাপ্ত বিৱৰণ অনুসৰি, প্ৰায় দুসপ্তাহৰ পূৰ্বে অঞ্চল বাসী ৰাইজে প্ৰত্যক্ষ কৰিছিল গছৰ পাত খোৱা প্ৰায় হালধীয়া বৰণৰ এই পখিলা বিধক। কিন্তু তেতিয়া তিলমানো গুৰুত্ব দিয়া নাছিল কৃষক ৰাইজে। পৰৱৰ্তী সময়ত পখিলা বিধে গছ-গছনিৰ পাতত পৰি প্ৰথমে পাতৰ তলত খোলা সৃষ্টি কৰি কণী পাৰি পোৱালি জগাই,তাৰ পিছত খোলাত জন্ম হোৱা পোৱালি বোৰে গছৰ পাত খোৱা আৰম্ভ কৰে । তেনে দৰেই এফালৰ পৰা খাই তহিলং কৰি গৈছে বিভিন্ন জাতৰ গছৰ পাত সমূহ । দিনে দিনে ইখনৰ পাছত সিখন গাৱঁলৈ দ্ৰুত গতিত সম্প্রসাৰিত হব ধৰিছে এই বিৰল প্ৰজাতিৰ পখিলাসমূহ ৷

ইফালে এই ঘটনাক লৈ সীমামূৰীয়া অঞ্চলটোৰ গঞা ৰাইজ শংকিত হৈ পৰিছে। অঞ্চলবাসীয়ে মহকুমা প্ৰশাসন তথা চৰকাৰৰ ওচৰত তৎকালীন ভাৱে এই পখিলা সমূহৰ সন্ত্ৰাস প্ৰতিৰোধৰ ব্যৱস্থা হাতত লবৰ বাবে দাবী জনাইছে ৷ উল্লেখ্য যে এই পখিলা আৰ্বিভাৱ এক অশনি সংকেত বুলিও অঞ্চলটোৰ একাংশই মত প্ৰকাশ কৰিছে ৷

Leave A Reply

Your email address will not be published.