Daily Time Axom

পখিলা খেদাৰ বয়সতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত চুঙাজানৰ এগৰাকী কিশোৰী । বিধায়ক, চৰকাৰলৈ সহায়ৰ আহ্বান পৰিয়ালৰ ।

0 10

ডিজিটেল ডেস্ক :এগৰাকী মৰমলগা কিশোৰী। সমনীয়াৰ সতে পখিলা খেদাৰ বয়সত দূৰাৰোগ্য ৰোগে কোঙা কৰি পেলাইছে কিশোৰী গৰাকীক।গোলাঘাট জিলাৰ সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ চুঙাজান মাজগাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ পুষ্প হাতীবৰুৱা আৰু মিতালী হাতীবৰুৱাৰ কন্যা । নাম মৌচুমী হাতীবৰুৱা। মাত্ৰ চৈধ্যটা বসন্ত গৰকা মৌচুমীয়ে বিগত কেইবাটাও বছৰ অতি দুৰ্বিসহ যন্ত্ৰণাৰ মাজেৰে প্ৰতিটো দিন অতিবাহিত কৰিছে। জন্মগতভাৱে সুস্থ মৌচুমীৱে চুঙাজানৰ এখন বিদ্যালয়লৈ চতুৰ্থ শ্ৰেণীলৈকে সমনীয়াৰ সতে একেলগে খোজকাঢ়ি গৈছিল।কিন্তু দুৰ্ভাগ্যজনকভাৱে চতুৰ্থ শ্ৰেণীত পঢ়ি থকা সময়ছোৱাৰ পিছৰে পৰাই মৌচুমীৰ সৰল জীৱনটোত আউল লাগিছিল।মৌচুমীয়ে হঠাৎ খোজকাঢ়িব নোৱাৰা হৈ পৰিছিল।ভৰি আৰু হাত দুখন ক্ৰমে লৰচৰ কৰিব নোৱাৰা হৈ পৰাত স্কুললৈ যোৱাৰ দুৰ্বাৰ হেঁপাহ থকাৰ পিছতো সেয়া অসম্ভৱ হৈ পৰিছিল।পৰিয়ালৰ লোকে নগালেণ্ডৰ ডিমাপুৰ ,ডিব্ৰুগড় আৰু যোৰহাটত মৌচুমীৰ চিকিৎসা কৰাইছিল যদিও কোনো সুফল নাপালে।চিকিৎসকে মৌচুমীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ আগবঢ়াইছিল যদিও ইতিমধ্যে চিকিৎসাৰ নামত মাটি বাৰী বিক্ৰি কৰা দৰিদ্ৰ দেউতাকৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল।কন্যাৰ চিকিৎসাৰ বাবে পিতৃ মাতৃয়ে ঘৰৰ সকলো মাটি বাৰী বিক্ৰী শেষ কৰাত বৰ্তমান মাত্ৰ ঘৰৰ ভেটিৰ মাটিকনহে ৰৈছেগৈ।সেয়ে সৰ্বস্বান্তৰ লগতে উপায়ন্তৰ হৈ পৰা দুৰ্ভগীয়া পৰিয়ালটোৱে লগতে স্থানীয় ৰাইজে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনক মৌচুমীৰ চিকিৎসাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি মৌচুমীক পূৰ্বৰ অৱস্থালৈ ঘুৰাই অনাত সহায় কৰিবলৈ কাতৰ আহবান জনোৱাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰলৈ সহায়ৰ আহবান জনাইছে।ইয়াৰোপৰিও কোনো সুহৃদয় লোকৰ সহায় বিচাৰিছে মৌচুমীৰ পিতৃয়ে। মৌচুমীৰ পিতৃ পুষ্প হাতীবৰুৱাৰ সৰুপথাৰ ষ্টেট বেংকত থকা একাউণ্ট নম্বৰ 33273431500. IFSC CODE SBIN0002123 যোগে আৰ্থিক সহায় কৰিব পাৰিব।
আপোনাৰ অকনমান সহায়ে বৰ্তমান দুৰ্বিসহ যন্ত্ৰণাৰ মাজত জীৱন অতিবাহিত কৰা মৌচুমীক পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিব পাৰিব।

Leave A Reply

Your email address will not be published.