চিকিৎসকক সম্বৰ্ধনা জনাই অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰিলে সাংসদ গৌৰৱ গগৈয়ে
ডিজিটেল ডেস্ক :গোলাঘাট জিলাৰ ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত থকা চিকিৎসালয় সমুহত সাংসদ গৌৰৱ গগৈ,প্ৰাক্তন বিধায়িকা ৰ’জলীনা তিৰ্কীৰ নেতৃত্বত বৃহস্পতিবাৰৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী যেনে পি.পি.ই.কিট,অক্সিমিটাৰ, মাক্স আদি বিতৰন কৰা কাম বৰ্তমান অব্যাহত আছে। স্বেচ্ছা সেৱী সংগঠন”ফাৰ্ম টু ফুড ফাউণ্ডেচন”ৰ সৌজন্যত চাৰি দিনীয়া কাৰ্যসূচীৰে হাতত লোৱা আজি হ’ল তৃতীয় দিনৰ কাৰ্যসূচী। আজিৰ কাৰ্যসূচীত সাংসদ গৌৰৱ গগৈয়ে পোন প্ৰথমে ধনশিৰি মহকুমাৰ বৰপথাৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসক,নাৰ্ছ আৰু অনান্য চিকিৎসক কৰ্মী সকলক একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে তেঁওলোকৰ মাজত পি.পি.ই.কিট,অক্সিমিটাৰ, মাক্স আদি বিতৰন কৰে।
সাংসদ গৰাকীয়ে জানিবলৈ দিয়া মতে এই কাৰ্যসূচী বৰপথাৰৰ লগতে সৰুপথাৰ সামুহিক চিকিৎসালয়, উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়,নাওজান, চুঙাজানস্থিত চিকিৎসালয় সমুহতো বিতৰণ কৰিব। কাৰ্যসূচীত কংগ্ৰেছৰ সাংসদ গৰাকীক সংগ দিয়ে সৰুপথাৰ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰ’জলিনা তিৰ্কী,বৰপথাৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি শৈলেশ কুমাৰ সিঙকে প্ৰমুখ্য কৰি অন্য বহু কংগ্ৰেছ কৰ্মীয়ে।