“বেলকনিত ভগৱান” চলচ্চিত্রখনলৈ পুনৰ এক বিৰল সন্মান।

ডিজিটেল ডেস্কঃ “বেলকনিত ভগৱান” চলচ্চিত্রখনে এইবাৰ লাভ কৰিছে এক বিৰল সন্মান। অহা ২১ জুলাইত আৰম্ভ হ’ব লগা ১৮সংখ্যক ইণ্ডিয়ান চলচ্চিত্র মহোৎসৱে ‘বেলকনিত ভগৱান’ক ‘স্কুল ফিল্ম অৱ দ্য ইয়েৰ’ সন্মানৰ বাবে নিৰ্বাচিত কৰিছে। উল্লেখ্য যে, ভাৰতৰ অৰ্থনীতি, সামাজিক আৰু ৰাজনৈতিক দিশক সুন্দৰভাৱে প্ৰতিফলিত কৰাৰ বাবে উক্ত কথা ছবিখনক এই সন্মান প্ৰদান কৰে। ইয়াৰোপৰি অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয় যে, এই চলচ্চিত্র মহোৎসৱৰ ‘শ্ৰেষ্ঠ কথাছবি’ ৰ জাৰ্মান ষ্টাৰ অৱ ইণ্ডিয়া বঁটাৰ বাবে প্ৰতিযোগিতাত অংশগ্রহণ কৰিব। ভাৰতৰ অন্য সংখ্যক উল্লেখযোগ্য আৰু বৃহত্তম চলচ্চিত্র মহোৎসৱ ২৬সংখ্যক কলকাতা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ ভাৰতীয় ভাষাৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাৰ বাবে নিৰ্বাচিত হৈ ‘Golden Royal Bengal’ বঁটাৰে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা পোৱাৰ পিছৰে পৰা চৰ্চাত অহা কথাছবিখনে বিশ্বৰ ভালেখিনি মহোৎসৱত ভাগ লৈ লাভ কৰিবলৈ সক্ষম হৈছে এটাৰ পিছত এটাকৈ সন্মান। জে মাইনা প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা এই চলচ্চিত্রখনৰ পৰিচালনাৰ লগতে কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰচিছে বিশ্বজিৎ বৰাই, প্ৰযোজনা কৰিছে ‘জেতুকা পাতৰ দৰে ‘ এখন ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ছবিৰ প্ৰযোজক নুৰুল চুলতানে।ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে বলিউডৰ কেইবাখনো ছবিৰ অভিনেতা হৰিশ খান্নাই।ইয়াৰে আন দুটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰণামী ভাৰথী পৰিনান্ধি জিমা চুলতানাই।ইয়াৰোপৰি অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ’, শোণিত বৰা, সাংবাদিক ইভা মহন্ত, পবিত্র বৰুৱা, গৌৰী শংকৰ ভূঞা, যতীন খনিকৰ, বিনোদলাল দাস, অজয় ভৰালী, আলোক বৰুৱা, জ্যোতিষ্মান কাশ্যপ আদিৰ লগতে জ্যেষ্ঠ অভিনেতা দীনেশ দাস, জ্যেষ্ঠ অধিবক্তা বিজন মহাজন আৰু সাংবাদিক ৰাজদ্বীপ বাইলোং বৰুৱায়ো অভিনয় কৰিছে। আনহাতে কৃষিমন্ত্রী অতুল বৰাইয়ো এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ছবিখনত। মুম্বাইৰ চিটাংশু খামাৰিয়ে চিত্ৰগ্ৰহণ কৰিছে, জ্যোতি চেতিয়াই ছাউণ্ড ডিজাইন কৰিছে, কলা নিৰ্দেশনা জয়ন্ত জিন ফুকনৰ, প্ৰযোজনা নিয়ন্ত্রণ অসীম শইকীয়াৰ, সহকাৰী প্ৰযোজনা কুমুদ বৰাৰ। এই বহুলভাৱে চৰ্চিত হোৱা চলচ্চিত্রখন অসমৰ ৰাইজে অতি সোনকালে চাবলৈ পাব বুলিও জনায় প্ৰযোজকে।

Comments (0)
Add Comment