Daily Time Axom

ধনশিৰি মহকুমা ঘোষণা কৰা ৩৪ টা বছৰ অতিক্ৰম ।সৰুপথাৰত বহুকেইটা বিভাগৰ কাৰ্যালয় বৰ্তমানেও ভাড়াঘৰত কামকাজ ।

0 13

ডিজিটেল ডেস্ক :ৰাজ্য চৰকাৰে ১৯৮৭ চনত এক অধিসূচনা যোগে গোলাঘাট জিলাৰ ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ ধনশিৰিক মহকুমা হিচাপে পূর্ণ মৰ্যদা প্ৰদান কৰা আজি ৩৪ বছৰ অতিক্ৰম কৰিলে যদিও সীমামূৰীয়া গুৰুত্বপূৰ্ণ মহকুমাটোত বৰ্তমান বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ আন্তঃগাঁথনিৰ উন্নয়নৰ কাম কাজ বৰ্তমানেও কৰিবলৈ বাকী আছে। বিশেষকৈ ধনশিৰিক চৰকাৰে মহকুমা হিচাপে ঘোষণা কৰাৰ দিনৰে পৰা অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগৰ স্থায়ী কাৰ্যালয় নথকাৰ হেতুকে বছৰ বছৰ ধৰি ভাড়াঘৰতে চৰকাৰী কাম কাজ চলাব লগীয়া এক পৰিবেশ সৃষ্টি হৈছে। আনহে নেলাগে মহকুমাটোৰ জনসাধাৰণৰ প্ৰশাসনিক কামকাজ চলোৱা প্ৰাণকেন্দ্ৰ স্বৰূপ খুদ ধনশিৰি মহকুমাধিপতি কাৰ্যালয়টোৱেই এটা সমুহীয়া ভৱনত মহকুমাধিপতিৰ অস্থায়ী কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰি চৰকাৰী কাম কাজ চলাই থাকিব লগা হৈছে। জানিব পৰা মতে বৰ্তমান মহকুমাটোৰ অতি গুৰুত্বপূৰ্ণ বিভাগ আৰক্ষী প্ৰশাসনৰ মহকুমা আৰক্ষী বিষয়া কাৰ্যালয়, আৱকাৰী বিভাগৰ কাৰ্যালয়,মহকুমা শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয়, সৰুপথাৰ ডাকঘৰ ,

সাংস্কৃতিক কাৰ্যালয় , মহকুমা উদ্যোগ আৰু বাণিজ্য অধীক্ষকৰ কাৰ্যালয়,আদি বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় সমূহ বৰ্তমানেও ভাড়াঘৰতে কাম কাজ চলি আছে।ইফালে বছৰ বছৰ ধৰি ভাড়াঘৰত চলি থকা চৰকাৰী কাৰ্যালয় সমূহে ঘৰ ভাড়াৰ বাবদ বছৰি বহু পৰিমাণৰ ধন চৰকাৰৰ ৰাজকোষৰ পৰা ব্যয় কৰিব লগা হৈছে।এক সূত্ৰৰ পৰা জানিব পৰা মতে মহকুমা টোৰ সৰুপথাৰৰ বিভিন্ন চুকে কোনে যথেষ্ট পৰিমাণৰ চৰকাৰী ভূমি আছে।আৰু এই ভূমিতেই বৰ্তমান ভাড়াঘৰত কাম কাজ চলাই থকা চৰকাৰী কাৰ্যালয় কেইটাৰ স্থায়ী কাৰ্যালয় নিৰ্মাণ কৰিব পৰা গলহেঁতেন যদিও বৰ্তমান পর্যন্ত হৈ উঠা নাই।এই ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবেই আজি বছৰ বছৰ ধৰি ভাড়া ঘৰতে এনেদৰে চৰকাৰী কাম কাজসমূহ চলাব লগীয়া হৈছে বুলি এক গুৰুতৰ অভিযোগ উঠাৰ লগতে সৰুপথাৰ সমষ্টিৰ পূৰ্বৰ বিধায়ক সকলেও চৰকাৰী কাৰ্যালয় কেইটাৰ স্থায়ী কাৰ্যালয় নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰিলে। মহকুমাটোৰ বিভিন্ন দল সংগঠনে সৰুপথাৰত বর্তমানেও ভাড়া ঘৰত কাম কাজ চলাই থকা চৰকাৰী কাৰ্যালয় সমূহৰ স্থায়ী কাৰ্যালয় নিৰ্মাণ কৰিবলৈ আজি বহু বছৰ ধৰি চৰকাৰৰ ওচৰত সৰৱ দাবী জনাই আহিছে যদিও চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি এক গুৰুতৰ অভিযোগ উঠিছে।ইফালে মহকুমাটোৰ বিভিন্ন দল সংগঠন তথা ৰাইজে এইবাৰ সৰুপথাৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক গৰাকীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

Leave A Reply

Your email address will not be published.