বিৰিণা গোষ্ঠী অসমৰ বিহু বিষয়ক বাৰ্ষিক আলোচনী “বিৰিণা পাত” ৰ সপ্তম সংখ্যা উন্মোচন
ডিজিটেল ডেস্ক: দেওবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাত বিৰিণা গোষ্ঠী অসমৰ বিহু বিষয়ক বাৰ্ষিক আলোচনী “বিৰিণা পাত” ৰ সপ্তম সংখ্যা উন্মোচন কৰে ইয়াৰ লগতে সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য , বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি আৰু ডঃ লক্ষ্মীনন্দন বৰাৰ স্মৃতিচাৰণ কৰে। উল্লেখ্য যে উক্ত সভাখনতে ভাষা আন্দোলনত ১৯৬০ চনৰ ৪ জুলাইত শ্বহীদ হোৱা ৰঞ্জিত বৰপূজাৰীকো স্মৰণ কৰে। ইয়াৰ পিছতে গোষ্ঠীটোৰ মাহেকীয়া সাহিত্য আলাপ বিৰিণা বৈভৱ অনুষ্ঠান অনুষ্ঠিত কৰে। বিৰিণা গোষ্ঠীৰ সভাপতি লীলাধৰ পাঠকে সভাপতিত্ব কৰা সভাখনত বিৰিণা পাত উন্মোচন কৰে প্ৰবীন সাংবাদিক-লেখক, কৃতী শিক্ষক ৰমনী বৰ্মনে। গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতা, শিক্ষাব্ৰতী ৰোহিণী কুমাৰ দাস, সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়া, জ্যেষ্ঠ সাংবাদিক ৰাজেন ডেকাৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে প্ৰয়াত সাহিত্যিক কেইগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজিৰ ওপৰত বক্তব্য প্ৰদান কৰে।সংগীত পৰিবেশনেৰ পিছতে সভাখনৰ সামৰণি কৰা পৰিলক্ষিত হয়।