ডিজিটেল ডেস্ক :গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটৰ নৱজ্যোতি গাঁৱত কোনো দুষ্ট প্ৰকৃতিৰ লোকে কৃষি পথাৰত ফলৰ লগত বিষাক্ত দ্ৰব্য মিহলাই বহু চৰাই চিৰিকটিৰ লগতে ঘৰচীয়া জীৱ জন্তু নিধন কৰা ঘটনাই প্ৰকৃতি প্ৰেমীৰ লগতে সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ যি সময়ত জিলা খনৰ ধনশিৰি মহকুমাৰ চৌদিশে সম্প্রতি তীব্ৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে একাংশ দুষ্ট প্ৰকৃতিৰ লোকে কৃষি পথাৰত ফলৰ মাজত বিষাক্ত দ্ৰৱ্য মিহলাই নিধন কৰাত লাগিছে চৰাই চিৰিকটিৰ লগতে পশু পক্ষী।
উল্লেখ্য যে,ধনশিৰী মহকুমাত তীব্ৰ খৰাঙে দেখা দিয়াৰ বাবে পানীৰ অভাৱত মহকুমা টোৰ একাংশ কৃষকে মাটি চহ কৰি শুকানে শুকানে পথাৰত ধানৰ বীজ সিঁচিব লগীয়া এক পৰিবেশ সৃষ্টি হৈছে । আৰু সেই ধানৰ বীজ সিঁচি দিয়া একাংশ খেতি পথাৰত জাকে জাকে চৰাই চিৰিকটি পৰি ধানৰ বীজ খাবলৈ লোৱাত কোনো দুষ্ট লোকে ফলৰ মাজত বিষাক্ত দ্ৰৱ্য মিহলাই পথাৰৰৰ মাজত থৈ দিয়াৰ ফলত সেই ফল খাই মৃত্যু মুখত পৰিছে বহু চৰাই চিৰিকটিৰ লগতে ঘৰচীয়া জীৱ জন্তু । বিষাক্ত দ্ৰব্য মিহলোৱা উক্ত ফল খাই খেতি পথাৰৰ মাজতে এনেদৰেই অ’ত ত’ত সিঁচৰিত হৈ পৰি ৰৈছে বহু মৃত চৰাই চিৰিকটি ।
কোনোবাটো আকৌ মৃত্যুৰ সতে যুঁজি চটফটাই পৰি আছে পথাৰৰ মাজত।বৰ্তমান এই কৰুণ দৃশ্যই সকলোকে চিন্তিত কৰি তুলিছে । ইফালে জীৱ শ্ৰেষ্ঠ মানুহৰ এনে কাণ্ডই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷