Daily Time Axom

৫ আগষ্টৰ দিনটোত “কৰ্মচাৰী দিৱস” । ৰাজ্যিক কেবিনেটে ললে সিদ্ধান্ত । আমোলা সন্থাৰ উষ্ম আদৰণি

0 11

ডিজিটেল ডেস্ক :ৰাজ্যৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী প্ৰয়াত গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসৰ প্ৰবিত্ৰ দিনটো “কৰ্মচাৰী দিৱস”হিচাপে পালন কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰী সভাই ৰাজ্যিক কেবিনেটত লোৱা ঐতিহাসিক সিদ্ধান্তক উষ্ম আদৰণি জনাইছে সদৌ অসম আমোলা সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে। এক বিবৃতিত আমোলা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ কোঁৱৰ আৰু সাধাৰণ সম্পাদক সত্য নাৰায়ণ ৰয়ে জানিবলৈ দিয়া মতে ৰাজ্যৰ অৰাজপত্ৰিত আমোলা সকল হল চৰকাৰৰ এক চালিকা শক্তি। যি ক্ষুদ্ৰ ক্ষুদ্ৰ কৰ্ম শক্তিৰ জৰিয়তে চৰকাৰৰ প্ৰতিটো উন্নয়নৰ কাম কাজ নিয়াৰিকৈ ৰূপায়ণ হোৱাত জিলা পৰ্যায়ৰ আমোলা সকলে বিশেষ ভূমিকা গ্ৰহণ কৰে। আমোলা সন্থাৰ লগতে কৰ্মচাৰী পৰিষদে দীর্ঘবছৰ ধৰি জিলা পৰ্যায়ৰ কাৰ্যালয়ত কৰ্মৰত আমোলা সকলক কৰ্মত উৎসাহ জনোৱাৰ উদ্দেশ্য শিক্ষক দিৱসৰ দৰে কোনো এটা উল্লেখনীয় দিন ধাৰ্য কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল। আৰু উক্ত দাবীৰ প্ৰতি সঁহাৰি জনাই ৭ জুলাইত অনুষ্ঠিত অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত ৫ আগষ্টৰ দিনটো অৰ্থাৎ ৰাজ্যৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসৰ প্ৰবিত্ৰ দিনটোতে “কৰ্মচাৰী দিৱস” হিচাপে পালন কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তক সদৌ অসম আমোলা সন্থাই অসম চৰকাৰক উষ্ম আদৰণি জনোৱাৰ লগতে জিলা পৰ্যায়ৰ সকলো আমোলাক এই ক্ষেত্ৰত সহযোগ কৰিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.