Daily Time Axom

এটা কণীৰ খোলাত বিশ্বৰ ১৩৮খন দেশৰ পতাকা অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট চেংগিজ হাছান নামৰ প্ৰতিভাৱান ছাত্ৰৰ।

0 20

ডিজিটেল ডেস্কঃ এইবাৰ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে সোণাৰিৰ চেংগিজ হাছান নামৰ ছাত্রজনে। এক ব্যতিক্রমী প্ৰতিভাৰে উজ্বলিছে চৰাইদেউ জিলাৰ সোণাৰিৰ এজন প্ৰতিভাৱান ছাত্ৰ চেংগিছ হাছান ।মাত্র ১ ঘণ্টা ৩৮ মিনিটত এটা চীনা হাঁহৰ কণীৰ খোলাত বিশ্বৰ ১৩৮ খন দেশৰ পতাকা অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে  ছেংগিছ হাছান নামৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আইনৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰজনে।  সোণাৰিৰ বিশিষ্ট সমাজকৰ্মী তথা সোণাৰিৰ ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ইনামূল হুছেইন আৰু নাজমা বেগমৰ পুত্ৰ হৈছে চেংগিজ হাছান। তেওঁলোকৰ পুত্রৰ এনে সফলতাৰ বাবে এতিয়া উৎফুল্লিত হৈ পৰিছে পিতৃ- মাতৃ,ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেওঁৰ শুভাকাঙ্ক্ষী তথা অসমবাসীও।আনহাতে শেহতীয়াকৈ এছিয়া বুক অৱ ৰেকৰ্ডছৰ বাবেও হাছানৰ নাম মনোনীত কৰা হ’ব বুলিও জানিব পৰা গৈছে। চিত্ৰ শিল্পৰ সমান্তৰালভাৱে ফটোগ্ৰাফী আৰু সংগীত ক্ষেত্ৰখনৰ প্ৰতিও বিশেষ ভাৱে আগ্ৰহী চেংগিজে ইতিমধ্যেই কেইবাটাও ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে বুলিও উল্লেখ কৰে। আগন্তুক দিনত এছিয়া বুক অৱ ৰেকৰ্ডছ , গিনিজ বুক অৱ ৰেকৰ্ডছ আৰু ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছতো নিজৰ নাম সন্নিৱিষ্ট কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মত প্ৰকাশ চেংগিজ হাছানৰ৷

Leave A Reply

Your email address will not be published.