Daily Time Axom

আৰক্ষীৰ বৃহৎ অভিযান । বৰপথাৰত অবৈধ চুলাই মদৰ ঘাটি উৎখাত । ১৭ হেজাৰ লিটাৰ চুলাই মদ নষ্ট ।

0 11

ডিজিটেল ডেস্ক :গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত শেহতীয়াকৈ ক’ভিড সংক্ৰমনে এক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে মহকুমাটোৰ গ্ৰাম্য অঞ্চলৰ বিভিন্ন চুকে কোনে এচাম লোকে অবৈধভাৱে চুলাই মদৰ ঘাটি স্থাপন কৰি ব্যাপক হাৰত মদৰ ব্যৱসায় চলোৱাৰ এক গুৰুত্বৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। ইফালে ক’ৰোনা কালৰ এই সময়ছোৱাত মহকুমাটোৰ চুকে কোনে একাংশ লোকে চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় কৰা বুলি ৰাজহুৱা অভিযোগ উঠাৰ পিছতো সৰুপথাৰৰ আৱকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী সকলে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদি চকু মুদা কুলিৰ ভাও ধৰি হাত সাৱটি বহি থকাৰো অভিযোগ উঠিছে।

ইফালে মাত্ৰ কেইটা মান দিনৰ পূৰ্বে মহকুমাটোৰ টেঙানি অঞ্চলত ধনশিৰি মহকুমাত নতুনকৈ যোগদান কৰা মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত বৰপথাৰ আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীৰ সহযোগত অভিযান চলাই বহু কেইটা অবৈধ চুলাই মদৰ ঘাটি উৎখাত কৰাৰ লগতে বহু হেজাৰ লিটাৰ অবৈধ চুলাই মদ নষ্ট কৰিছিল ।

ইফালে আজি পুনৰ মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে আৰক্ষী চক্ৰ বিষয়া, আৰু বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জোচেফ কেভম সহ আৰক্ষীৰ এটা বৃহৎ দল লগত লৈ মহকুমাটোৰ মিচিং গাঁৱৰ পাভজান অঞ্চলত অভিযান চলাই কেবাটাও বৃহৎ অবৈধ চুলাই মদৰ ঘাটি উৎখাত কৰাৰ লগতে প্ৰায় ১৭,০০০ লিটাৰ অবৈধ চুলাই মদ উদ্ধাৰ কৰি নষ্ট কৰে।উল্লেখযোগ্য যে মহকুমাটোৰ বিভিন্ন অঞ্চলত অবৈধ চুলাই মদৰ ঘাটি গঢ় লৈ উঠাৰ ফলত ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক পৰিৱেশৰ লগতে সামাজিক পৰিবেশ প্রায় বিনষ্ট হবলৈ লোৱা বুলি দীৰ্ঘদিন ধৰি ৰাজহুৱা অভিযোগ উঠি আহিছে। মহকুমাটোৰ আৰক্ষীৰ এনে পদক্ষেপক সকলোৱে শলাগ লোৱা পৰিলক্ষিত হৈছে ।

Leave A Reply

Your email address will not be published.