Daily Time Axom

সৰুপথাৰত আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ ক’ভিড সজাগতা ৰেলি ।

0 7

ডিজিটেল ডেস্ক :ৰাজ্যৰ কেবাখনো জিলাৰ লগতে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাটো শেহতীয়াকৈ ক’ভিড সংক্ৰমনে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।চৰকাৰে ক’ভিড বিধি মানি চলিবলৈ বাৰে বাৰে জনসাধাৰণৰ প্ৰতি আহ্বান জনায় আহিছে যদিও চৰকাৰৰ সেই আহ্বানৰ প্ৰতি একাংশ লোকে কোনো গুৰুত্ব নিদিয়াত আজি জিলা খনৰ সৰুপথাৰত আৰক্ষী আৰু অৰ্দ্ধসামৰিক বাহিনীয়ে নগৰ খনত টহল দি জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে এক সজাগতা ৰেলি বাহিৰ কৰে। বিয়লি প্ৰায় ২-৩০ বজাত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ডঃ ৰবীন কুমাৰৰ উপস্থিতিত আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ প্ৰায় দুই শতাধিক লোকে সৰুপথাৰ আৰক্ষী থানাৰ সমীপৰ পৰা নগৰ খনৰ মাজেদি চতিয়নি হৈ সৰুপথাৰ মিনি ষ্টেডিয়ামত উপস্থিত হয়গৈ।

জিলা খনৰ আৰক্ষী অধীক্ষক ডঃ ৰবীন কুমাৰ , ১৪২ নং চি আৰ পি এফ বাহিনীৰ কামাণ্ডাৰ বি কে বৈষ্ণৱ, মুকেশ ত্যাগী, ধনশিৰি মহকুমাৰ আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা সহ আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ কেইবাজনো উচ্চ পদস্থ বিষয়া উক্ত সজাগতা ৰেলিত উপস্থিত থাকি ৰাইজক ক’ভিডক লৈ অধিক সজাগ আৰু সচেতন হবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ক’ভিড বিধি সমূহ সঠিক ভাৱে পালন কৰিবলৈ পৰামৰ্শ দিয়ে।

সাংবাদিকৰে হোৱা এক সাক্ষাতত জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে কয় জিলা খনৰ বিভিন্ন অঞ্চলত ক’ভিড বিধি উলংঘা হৈ থকাৰ বাবেই আজি ক’ভিডৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাবলৈ লৈছে।গতিকে সকলোৱে মাস্ক পৰিধান ,সামাজিক দূৰত্ববজাই ৰখাৰ লগতে চৰকাৰে বান্ধি দিয়া সকলো নীতি নিয়ম পালন কৰিবলৈ আহ্বান জনায়।আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে কয় যি সকল লোকে চৰকাৰী বিধি উলংঘা কৰিব সেই সকল লোকক আৰক্ষীয়ে কঠোৰ ব্যৱস্থা লবলৈ বাধ্য হব বুলি উল্লেখ কৰে

Leave A Reply

Your email address will not be published.