ডিজিটেল ডেস্ক :অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত গোলাঘাট জিলাৰ ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাক এক খৰাং পীড়িত অঞ্চল হিচাপে ঘোষণা কৰাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তৎকালীন ভাৱে সৰুপথাৰৰ খৰাং পীড়িত অঞ্চলটো ভ্ৰমণ কৰি শীঘ্ৰে চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহন ,জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনক নিৰ্দেশ দিয়াত আজি মন্ত্ৰী দুগৰাকীৰ লগতে বিধায়ক গৰাকীয়ে সৰুপথাৰৰ খৰাং পীড়িত অঞ্চল ভ্ৰমণ কৰে।জানিব পৰা মতে মন্ত্ৰী দুগৰাকী গোলাঘাটৰ পৰা পুনে পুনে আহি সৰুপথাৰত উপস্থিত হোৱাৰ পিছতে ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটৰ ধনতোলা ,শিঙিমাৰী ,চিলনিজান আদি কেবাটাও খৰাং পীড়িত অঞ্চল ক্ষেত্ৰ ভিত্তিক পৰিভ্ৰমণ কৰি খৰাং পৰিস্থিতিৰ বুজ লয়।খৰাং পৰিস্থিতিৰ বুজ লবলৈ অহা ৰাজ্যৰ কেবিনেট মন্ত্ৰী দুগৰাকীৰ লগত বড়ো কছাৰী কল্যান স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীও উপস্থিত থাকে। মন্ত্ৰী দুগৰাকীৰ লগতে বিধায়কক গৰাকীক ধনতোলাত স্থানীয় ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে ।মন্ত্ৰী দুগৰাকীৰ খৰাং অঞ্চল পৰিভ্ৰমণৰ অন্তত সৰুপথাৰৰ গোলাঘাট দক্ষিণ উন্নয়ন খণ্ড কাৰ্যালয়ৰ সভা কক্ষত ধনশিৰি মহকুমা প্ৰশাসন আৰু গোলাঘাট জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলৰ উপস্থিতিত ৰাজহ ,কৃষি আৰু জলসিঞ্চন বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ মাজত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়।উক্ত আলোচনাত মন্ত্রী যোগেন মহন ,অশোক সিংঘাল ,বিধায়ক বিশ্বজিত ফুকন আৰু বড়ো কছাৰী কল্যান স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে অংশ গ্ৰহণ কৰি খৰাং পৰিস্থিতিৰ ওপৰত বিতং আলোচনা কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ নির্দেশত আজি খৰাং পৰিস্থিতিৰ বুজ লবলৈ সৰুপথাৰলৈ অহা মন্ত্ৰী দুগৰাকীয়ে খৰাঙৰ ক্ষেত্ৰ ভিত্তিক পৰিভ্ৰমণ কৰি এক প্ৰতিবেদন প্ৰস্তুত কৰি চৰকাৰৰ হাতত দাখিল কৰিব।আৰু এই প্ৰতিবেদনৰ ভিত্তিতেই অসম চৰকাৰে মহকুমাটোৰ খৰাং পীড়িত কৃষক ৰাইজক বিভিন্ন সাহায্য আগবঢ়াব।জানিব পৰা মতে যোৱা ২৮ জুনত সৰুপথাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে সৰুপথাৰ সমষ্টিৰ ধনশিৰি মহকুমাত খেতিৰ খৰাং পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীক এখন পত্ৰ প্ৰদান কৰিছিল। উক্ত বিষয়টোক লৈ ৰাজ্যৰ কেবিনেটত এক আলোচনাও হৈছিল।আৰু উক্ত কেবিনেটতে ধনশিৰি মহকুমাৰ সৰুপথাৰ অঞ্চলক খৰাং পীড়িত অঞ্চল হিচাপে কেবিনেটে ঘোষণা কৰিছিল।