Daily Time Axom

লাহৰীঘাটৰ ৰিংকু নামৰ এজন যুৱক এক জটিল ৰোগত আক্রান্ত হৈ চিকিৎসাৰ বাবে সহায় বিচাৰিছে।

0 19

ডিজিটেল ডেস্কঃ এক জটিল ৰোগত আক্ৰান্ত হৈ আৰ্থিক সংকটত ভূগীছে লাহৰীঘাটৰ এজন দুৰ্ভগীয়া যুৱক । লাহৰীঘাট অঞ্চলটোৰ বৰখাৱ গাঁৱৰ মুনছুৰ আলী ওৰফে ৰিংকু কিছুদিনধৰি আক্ৰান্ত হৈ আছে এটা জটিল ৰোগত ৷বৰ্তমান যুৱকজন নগাওঁস্থিত ডিউ কেয়াৰ হস্পিতালত আই চি ইউত মৃত্যুৰ সৈতে যুঁজ দি আছে।ইতিমধ্যেই ৰিংকুৰ চিকিৎসাৰ নামত শেষ হৈছে পৰিয়ালটোৰ বহু ধন। উপায়হীন হৈ দূৰ্ভগীয়া পৰিয়ালটোৱে ৰিংকুৰ চিকিৎসাৰ বাবে সংবাদ মাধ্যমৰ জড়িয়তে সহায় বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ৷আনহাতে দল সংঘঠন তথা ৰাইজৰ ওচৰতো উপায়ন্তৰ হৈ সহায় বিচাৰিছে দুৰ্ভগীয়া দুই সন্তানৰ মাতৃগৰাকীয়ে ।কোনোবা সুহৃদয়ৱান ব্যক্তিয়ে যদি ৰিংকুক সহায় কৰিব বিছাৰে তেন্তে ৰিংকুৰ পত্নী ছাবিনা য়াছমিনৰ মোবাইল নম্বৰ 7896370257 ত যোগাযোগ কৰিব পাৰিব নাইবা পঞ্জাৱ নেশ্যনেল বেংক লাহৰিঘাট শাখাৰ একাউণ্ট নম্বৰAc No: 0778010693233 , IFSC Code – UTBI0LAHG33 ত
আৰ্থিক সহায় আগবঢ়াব পাৰিব৷ আপোনাৰ অকনমান সহায়ে হয়তো এমুকুৰা হাঁহি বিৰিঙাব পাৰিব দুৰ্ভগীয়া পৰিয়ালটোৰ মুখত ।

Leave A Reply

Your email address will not be published.