“আমি আশাবাদী জিলিকিব ধনশিৰি “শ্লোগানেৰে সৰুপথাৰ আৰু বৰপথাৰত আছুৰ দেৱাল অংকন

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চৌদিশে এতিয়া সকলোৰে মুখত কেৱল লাভলীনা, লাভলীনা,লাভলীনা।লাভলীনাক লৈ সদা ব্যস্ত হৈ পৰিছে যেন সকলো । বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া ক্ষেত্ৰ অলিম্পিকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ যোৱা ব্ৰঞ্জৰ পদক বিজয়ী তথা অসম কন্যা লাভলীনা বৰগোঁহাইক উৎসাহিত কৰিবলৈ বৃহস্পতি বাৰে গুৱাহাটীত অসম চৰকাৰৰ লগতে লাভলীনাৰ গৃহ ভূমি ধনশিৰিতো চাইক্লিঙ ক্লাৱে এক চাইকেল ৰেলী বাহিৰ কৰাৰ পিছত বৃহস্পতিবাৰে পুনৰ মহকুমাটোৰ সৰুপথাৰ আৰু বৰপথাৰত ধনশিৰি মহকুমা ছাত্ৰ সন্থাই লাভলীনাক উৎসাহ দি শুভেচ্ছা জনোৱাৰ উদ্দেশ্য নগৰ দুখনৰ মাজমজিয়াৰ বিভিন্ন দেৱালত দেৱাল অংকন কৰা কাৰ্যসূচী হাতত লয়। “আমি আশাবাদী, জিলিকিব ধনশিৰি” শীৰ্ষক শ্লোগানেৰে মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত নগৰ দুখনৰ মাজমজিয়াৰ বিভিন্ন দেৱাল সমূহত লাভলীনাৰ প্ৰতিচ্ছবি অংকন কৰিছে । 

পুৱাৰ ভাগৰ পৰাই ছাত্ৰ সন্থাৰ কৰ্ম কর্তা সকলে এই ব্যতিক্ৰম কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।জানিব পৰা মতে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই লাভলীনাক উৎসাহ জনোৱাৰ উদ্দেশ্য মহকুমাটোৰ নগৰ দুখনত দেৱাল অংকন কাৰ্যসূচীত উপস্থিত থাকি দেৱাল অংকন কৰিছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট হোৱা কাৰ্বিআংলং জিলাৰ হলৌখুৱাৰ সৌৰভ দাস আৰু ধনশিৰি মহকুমাৰ বৰপথাৰৰ অভিজ্ঞান দত্তই। ইফালে ২৪ জুলাইৰ পৰা অনুষ্ঠিত হব লগা টকীঅ’ অলিম্পিকত পদক অৰ্জন কৰি সমগ্র দেশ তথা ৰাজ্যৰ লগতে লাভলীনাৰ গৃহভূমি  গোলাঘাটৰ ধনশিৰি মহকুমালৈও গৌৰৱ কঢ়িয়াই আনিব বুলি সম্পূৰ্ণ আশা ব্যক্ত কৰিছে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই।ইফালে লাভলীনাক উৎসাহ জনাবলৈ আছুৱে মহকুমাটোৰ সৰুপথাৰ আৰু বৰপথাৰ নগৰৰ দেৱাল সমূহত চিত্ৰ শিল্পীৰ জৰিয়তে লাভলীনাৰ প্ৰতিচ্ছবি অংকন কৰি শুভেচ্ছা জনোৱা ব্যতিক্ৰম কাৰ্যসূচীক সকলোৱে শলাগ লোৱা পৰিলক্ষিত হৈছে।

Comments (0)
Add Comment