ছেমি ফাইনেলত পৰাস্ত হ’লেও ইতিহাসৰ পাতত লিপিবদ্ধ হ’ল বৰপথাৰৰ সু-সন্তান লাভলিনা বৰগোহাঁই ।
ডিজিটেল ডেস্ক : তুৰষ্কৰ বক্সাৰ বিশ্ব চেম্পিয়ন বুছেনাজ চুৰমেনেলীৰ বিপক্ষে শক্তিশালী প্ৰতিদ্বন্দিতা কৰি অৱশেষত পৰাজয় বৰণ কৰিলে অসম কন্যা লাভলিনা বৰগোহাঁইয়ে। ৪ আগষ্টত পুৱা ১১ বজাত টকিঅ’ অলিম্পিকৰ ৬৯ কেজি শাখাৰ বক্সিং ৰিঙৰ ছেমি ফাইনেলত লাভলিনাই গভীৰ আত্ম প্ৰচেষ্টাৰে খেল প্ৰদৰ্শন কৰিছিল যদিও তুৰ্কী খেলুৱৈ বুচেনাজ চুৰমেনেলীৰ হাতত ৫-০ ব্যৱধানত পৰাজিত হয় । বুধবাৰে পুৱাৰে পৰা লাভলিনাৰ গৃহ ভূমি বৰপথাৰত অগনন লোকে অধীৰ আশাৰে লাভলিনাৰ খেল উপভোগ কৰিবলৈ আহি ৰৈ আছিল লাভলিনাৰ বিজয়ৰ মূহুৰ্তলৈ । পুৱাৰে পৰা কেইবাটাও স্হানীয় আৰু সৰ্বভাৰতীয় বৈদ্যুতিন মাধ্যমৰ সংবাদ মাধ্যমে ভীৰ কৰেহি বৰপথাৰ নগৰ । শ শ জনতাই লাভলিনাৰ বিজয়ৰ বাবে নৃত্য-গীতেৰ এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি কৰি তোলে সমগ্ৰ বৰপথাৰ নগৰ । খেলৰ পূৰ্বে বহু ক্ৰীড়া প্ৰেমী লোকে লাভলিনাৰ জয়ৰ বাবে চাইকেল- মটৰ চাইকেল ৰেলিও প্ৰদৰ্শন কৰে ।ছেমি ফাইনেলত পৰাজয় বৰণ কৰিলে যদিও লাভলিনাই হ’ল অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা প্ৰথম গৰাকী অসমীয়া মহিলা । স্বাসৰুদ্ধকৰ ছেমি ফাইনেলত পৰাজয় হ’ল যদিও লাভলিনাই জিনি গ’ল শত-সহস্ৰ ক্ৰীড়াপ্ৰেমীৰ মন। মাত্ৰ ২৩ বছৰ বয়সতে অলিম্পিকত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনাত সমগ্ৰ অসম বাসীয়ে গৌৰৱ অনুভৱ কৰিছে । ভৱিষ্যতে লাভলিনাই উন্নত অনুশীলনৰ জৰিয়তে অলিম্পিকত অংশগ্ৰহণ কৰি সোণৰ পদক কঢ়িয়াই আনিব পাৰে তাকেই কামনা কৰিছে।

নিজ কন্যাৰ ছেমি ফাইনেল খেলো নাচালে পিতৃ মাতৃয়ে :
টকীঅ’ অলিম্পিকত বুধবাৰে বিশ্ব চেম্পিয়ন তুৰস্কৰ বক্সাৰ বুচেনাজ চুৰমেনেলী আৰু ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা অসম কন্যা লাভলীনা বৰগোঁহাই মাজত বক্সিঙৰ ৬৯ কে জি শাখাত অনুষ্ঠিত ছেমিফাইনেল খেল অন্য দিনৰ দৰে বুধবাৰেও উপভোগ নকৰিলে লাভলীনাৰ পিতৃ মাতৃয়ে।লাভলীনাৰ বৰপথাৰ বাৰমুখীয়াৰ বাসগৃহত বহু লোক উপস্থিত হৈ লাভলীনাৰ খেল উপভোগ কৰিছিল যদিও নিজ কন্যাৰ খেল উপভোগ নকৰিলে পিতৃ মাতৃয়ে।
লাভলীনা পৰাজয়ৰ পিছতে সংবাদ মাধ্যমৰ আগত মনৰ ভাৱ প্ৰকাশ পিতৃৰ :
টকীঅ’ অলিম্পিকৰ ছেমিফাইনেলত নিজ কন্যা পৰাজয় হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত মনৰ ভাৱ প্ৰকাশ কৰে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁয়ে।তেখেতে কয় যে ১২৫ বছৰীয়া অলিম্পিকৰ ইতিহাসত অসমৰ খেলুৱৈ হিচাপে লাভলীনাই প্ৰথম বাৰলৈ ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হোৱাৰ বাবে পিতৃ মাতৃ হিচাপে আমি আজি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। যি কি নহওঁক খেলত হাৰা জিকা থাকেই। ৰিঙৰ তথা খেলৰ ক্ষেত্ৰখনতহে তাৰ শুদ্ধ উত্তৰটো ওলায় বুলি কয়।লগতে লাভলীনাৰ পিতৃয়ে আৰু কয় যে তাই আত্মবিশ্বাসৰ লগতে একাগ্ৰতা আছিল । মই অলিম্পিকলৈকে যাম,আৰু অলিম্পিক খেলিমেই।তাই মনত এটা সপোন পুহি ৰাখিছিল যিটো নেকি তাই আজি বাস্তৱত পৰিণত হল।কিন্তু তাইৰ আৰু এটা সপোন আছিল যে তাই অলিম্পিক খেলিব আৰু খেলি সোণৰ পদক লৈ আহিব।কিন্তু তাই সেইটো লৈ হয়তো এখোজ পিছুৱাই যাব লগা হল।মই ভাবো তাই ভৱিষ্যতে উন্নত খেল প্ৰদৰ্শন কৰিব আৰু তাইৰ খেলৰ যিখিনি দিশত দুৰ্বলতা আছে সেই দুৰ্বলতা খিনি সংশোধন কৰি অনাগত দিনত অলিম্পিক খেল সমূহত আগবাঢ়ি যাব পাৰিব বুলি কয়।