Daily Time Axom

ধনশিৰি মহকুমাত আৰক্ষী, চি আৰ পি এফ বাহিনীৰ ব্যাপক টহল

0 19

ডিজিটেল ডেস্ক : আগন্তুক দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ আগে পিছে ৰাজ্যৰ চুকে কোনে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন সমূহে যি কোনো  কুটাঘাত মূলক কাৰ্য সংঘটিত কৰাৰ আশংকাত বৰ্তমান সমগ্ৰ ৰাজ্যজুৰি আৰক্ষী তথা নিৰাপত্তা বাহিনী সমূহ সষ্টম হৈ উঠাৰ লগতে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে। গোলাঘাট জিলাৰ অসম নগালেণ্ড সীমান্তৱৰ্তী ধনশিৰি মহকুমাটো মহকুমা আৰক্ষী প্ৰশাসন আৰু সীমান্তত নিয়োজিত চি আৰ পি এফ বাহিনীয়ে আগন্তুক স্বাধীনতা দিৱসৰ আগে পিছে যাতে মহকুমাটোত কোনো ধৰণৰ কুটাঘাত মূলক কার্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সৰুপথাৰ, বৰপথাৰ, নাওজান, চুঙাজান, গেলাবিল, উৰিয়ামঘাটকে ধৰি মহকুমাটোৰ অসম নগালেণ্ড সীমান্তৱৰ্তী এ, বি আৰু চি চেক্তৰৰ সন্দেহজনক স্থান সমূহত দিনে নিশাই টহল দিয়া পৰিলক্ষিত হৈছে।

জানিব পৰা মতে ধনশিৰি মহকুমাৰ দক্ষ আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত এটা অসম আৰক্ষী বৃহৎ দলে সীমান্তত নিয়োজিত চি আৰ পি এফ বাহিনীৰ এটা দল লগত লৈ মহকুমাটোৰ বিভিন্ন স্থানত টহল দিয়া কার্য বৰ্তমান অব্যাহত ৰাখিছে।বৰ্তমান মহকুমাটোৰ আৰক্ষীয়ে মটৰচাইকেলকে ধৰি অন্যান্য যানবাহন সমূহতো তালাচী চলোৱা পৰিলক্ষিত হৈছে।

ইফালে আগন্তুক দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস এইবাৰ ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় ভাবে সৰুপথাৰৰ ৰাজহুৱা খেলপথাৰত উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে। মূলতঃ সমাগত স্বাধীনতা দিৱসক লৈ বৰ্তমান সমগ্র মহকুমাটোতে আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে বিশেষ ভাৱে দৃষ্টি দিয়া পৰিলক্ষিত হৈছে।

Leave A Reply

Your email address will not be published.