Daily Time Axom

সৰুপথাৰত ইংৰাজী কবিতা পুথি উন্মোচন

0 21

ডিজিটেল ডেস্ক : গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰত সৰুপথাৰ শাখা সাহিত্য সভা কাৰ্যালয়ৰ মাঙ্গীলাল বাগাৰীয়া স্মৃতি ভৱন প্ৰাংগণত ১৬ আগষ্টত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়।

চৰকাৰৰ সম্পূৰ্ণ কোভিড পটকল মানি সৰুপথাৰ শাখা সাহিত্য সভাৰ সহযোগত অনুস্থূপীয়াকৈ অনুষ্ঠিত কৰা গ্ৰন্থ উন্মোচনী সভাত আঁত ধৰে সৰুপথাৰ টেঙাহোলা গাওঁৰ নিবাসী তথা বৰ্তমানৰ সৰুপথাৰৰ বাসিন্দা, সমাজকৰ্মী অমিয় কোঁৱৰে । অনুষ্ঠানত সৰুপথাৰ মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ নাৰায়ণ চন্দ্ৰ তালুকদাৰ ,সমৰেন্দ্ৰ সিংহ, গোলাঘাট জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা শিক্ষাবিদ পৰশু তামুলী , অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ প্রাক্তন উপ সঞ্চালক, তথা গৱেষক ধৰ্মেশ্বৰ দুৱৰা, প্রাক্তন মূৰব্বী অধ্যাপক পি, কে চাহু ,সৰুপথাৰ শাখা সাহিত্য সভাৰ সভাপতি সূৰ্য গগৈ, সম্পাদক নবমী চুতীয়া সহ ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।উক্ত অনুষ্ঠানতে কাৰ্বিআংলংৰ বোকাজান প্ৰণৱ জুবলী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক সমুদ্ৰ সিং কোঁৱৰৰ সদ্য প্ৰকাশিত “GENTLEMAN  PLATH ” নামৰ এখন স্বৰচিত ইংৰাজী কবিতা পুথি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা ধনশিৰি মহকুমাৰ মহকুমাধিপতি জাভীৰ ৰাহুল সুৰেশে। সহকাৰী অধ্যাপক গৰাকীৰ কবিতা পুথিখন উন্মোচন কৰি ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া গৰাকীয়ে সাহিত্য সৃষ্টিৰ লগে লগে ইয়াৰ সমান্তৰালকৈ পাঠকো সৃষ্টি কৰিব লাগিব আৰু এই ক্ষেত্ৰত সাহিত্য সভাৰ দৰে অনুষ্ঠান সমূহক উদ্বুদ্ধ হবলৈ আহ্বান জনায়। ইংৰাজী কবিতা পুথি খনৰ লেখক সমুদ্ৰ সিং কোঁৱৰে তেওঁৰ স্ব ৰচিত কবিতা পুথিখনৰ ৰচনাৰ পটভূমিৰ সম্পৰ্কে সভাত বিশদ ভাৱে দাঙি ধৰে। সভাত বিশিষ্ট শিক্ষাবিদ পৰশু তামুলী ,সমৰেন্দ্ৰ সিংহ ,পি কে চাহু আদি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে ইংৰাজী কবিতা পুথি খনৰ ওপৰত পৰ্যালোচনা আগবঢ়াই। অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়াই কবিতা পুথিখনৰ লেখকৰ পিতৃ অমিয় কোঁৱৰে ।

Leave A Reply

Your email address will not be published.