Daily Time Axom

উৰিয়ামঘাটত একেদিনাই বড়ো কছাৰী কল্যান স্বায়ত্ব শাসিত পৰিষদৰ কেবাখনো আঁচনিৰ শুভাৰম্ভ

0 14

ডিজিটেল ডেস্ক:- গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত বড়ো কছাৰী কল্যান স্বায়ত্ব শাসিত পৰিষদৰ অনুদানেৰে নিৰ্মাণ কৰিবলৈ লোৱা কেবাখনো অভিলাষী আঁচনিৰ আজি আধাৰশিলা স্থাপন কৰা হয়।  জানিব পৰা মতে অসম চৰকাৰে বড়ো কছাৰী কল্যান স্বায়ত্ব শাসিত পৰিষদ গঠন কৰাৰ পিছত আজি মহকুমাটোৰ উৰিয়ামঘাটৰ সীমান্তৱৰ্তী বৃহৎ অঞ্চলটোত পোন প্ৰথমবাৰৰ বাবে বড়ো কছাৰী কল্যান স্বায়ত্ব শাসিত পৰিষদৰ অনুদানেৰে মধ্যমপুৰত আটক ধুনীয়াকৈ নিৰ্মাণ কৰিবলৈ লোৱা বাথৌ সাংস্কৃতিক প্ৰকল্পৰ লগতে উৰিয়ামঘাটৰ জয়ন্তীপুৰত থকা মাখনী খাখলাৰী বড়ো মধ্য ইংৰাজী বিদ্যালয় গৃহৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনীশ্বৰ বসুমতাৰীয়ে ।

উক্ত অনুষ্ঠানত বড়ো কছাৰী কল্যান স্বায়ত্ব শাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰোমিঅ পি নাৰ্জাৰী, পৰিষদৰ অধ্যক্ষ গাম্বৰু মুছাহাৰী, কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী সহ ভালেকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিত থাকে। 

আনহাতে আজি একেদিনাই বড়ো কছাৰী কল্যান স্বায়ত্ব শাসিত পৰিষদৰ অন্যতম সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে তেওঁৰ নিজা পুঁজিৰে ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ এগৰাকী ভাস্কৰ্য শিল্পীৰ দ্বাৰা আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উৰিয়ামঘাটৰ বিনেশ্বৰ ব্ৰহ্ম বড়ো হাইস্কুলৰ চৌহদ প্ৰাংগণত প্ৰতিষ্ঠা কৰা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ,শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ এটি আৱক্ষ প্ৰতিমূৰ্তি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বড়ো কছাৰী কল্যান স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনীশ্বৰ বসুমতাৰীয়ে। ইয়াৰ পিছতে  বিয়লি উৰিয়ামঘাটৰ বিনেশ্বৰ ব্ৰহ্ম হাইস্কুল প্ৰাংগণত ২০০০ চনৰ ১৯ আগষ্টত কোনো আততায়ীৰ গুলীত নিহত হোৱা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ আজি ২১ সংখ্যক মৃত্যু তিথি উপলক্ষে এক ৰাজহুৱা স্মৃতি চাৰণ সভা অনুষ্ঠিত হয়। বিশিষ্ট সমাজকৰ্মী তথা শিক্ষাবিদ বিবেকানন্দ বসুমতাৰীৰ   সভাপতিত্বত অনুষ্ঠিত সভাত আঁত ধৰে ধনশিৰি জিলা বড়ো সাহিত্য সভাৰ সম্পাদক বিনন্দ বড়োছাই ।

আৱক্ষ প্ৰতিমূৰ্তিৰ দাতা তথা পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে আদৰণি ভাষণ আগবঢ়োৱা সভাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনীশ্বৰ বসুমতাৰী,উপ মুখ্য কাৰ্যবাহী সদস্য ৰোমিঅ পি নাৰ্জাৰী,ধনশিৰি মহকুমাৰ মহকুমাধিপতি জাভীৰ ৰাহুল সুৰেশ,সীমান্ত দণ্ডাধীশ কিষাণ ডেকা, কাৰ্যবাহী সদস্য বিনোদ বসুমতাৰী,প্ৰণৱ বড়ো,ইউ বি পি অ’ৰ গোলাঘাট জিলা সমিতিৰ সভাপতি মুকুন্দ বসুমতাৰী সহ ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে।অনুষ্ঠানত ভালেসংখ্যক ৰাইজে অংশ গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.