Daily Time Axom

টাটা মটৰ্ছে মুকলি কৰিলে অল-নিউ Tata Tiago NRG

0 14

ডিজিটেল ডেস্কঃ দেশৰ আগশাৰীৰ বাহন নিৰ্মাতা কোম্পানী টাটা মটৰ্ছে উত্তৰ-পূৱবাসীৰ বাবে মুকলি কৰিলে টাটা টিয়াগ’ এনআৰজি (Tiago NRG)। শুক্ৰবাৰে Tata Tiago NRG বাহনখনৰ বশিষ্ঠ চাৰিআলিস্থিত বিমল কাৰ্ছত শুভ উদ্বোধন কৰে।

উল্লেখ্য যে নতুন Tata Tiago NRG বাহনখনৰ প্ৰাৰম্ভিক মূল্য হৈছে  6.57 লাখ টকা। বাহনখনৰ বহুতো নতুন সংযোজনে ইয়াক স্পৰ্টী ডিজাইনৰ কাৰলৈ পৰিৱৰ্তন কৰিছে।

Tata Tiago NRG বাহনখনক ‘আৰ্বান টাফ ৰ’ডাৰ’ হিচাপে নিৰ্মাণ কৰা হৈছে। ইয়াক যথেষ্ট আহলবহলকৈ এছ.ইউ.ভি.ৰ ডিজাইনৰ অনুৰূপ ধৰণে অধিক সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। লগতে এই বাহনখনত অধিক গ্ৰাউণ্ড ক্লিয়াৰেন্স থকাৰ উপৰিও উদ্যমী চিন্তাধাৰাৰ লোকসকলে এক ভাল ৰোড পাৰ্ফমেন্স লাভ কৰিব।

বাহনখনে  GNCAP ৰ পৰা 4 ষ্টাৰ সুৰক্ষা ৰেটিং লাভ কৰিবলৈ সক্ষম হৈছে। এই বাহনখন ফৰেষ্টা গ্ৰীণ(Foresta Green), স্নো হোৱাইট(Snow White), ফায়াৰ ৰেড(Fire Red) আৰু ক্লাউডি গ্ৰে(Cloudy Grey) চাৰিটা ৰঙত উপলব্ধ।

লগতে নতুন টাটা টিয়াগ’ এনআৰজি বাহনখন ক’লা ৰঙৰ ৰুফৰ সৈতে উল্লিখিত ৰঙৰ এক্সটেৰিয়ৰত উপলব্ধ। ইয়াৰ চাৰিওফালে বডী ক্লেডিং আছে। বাহনখনত ক’লা ৰঙৰ আউট-চাইড ৰিয়াৰ ভিউ মিৰ’ৰ (ORVM) আছে। বাহনখনৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স ১৮১ মিমি আৰু ইয়াত ১৫ ইঞ্চি এলয় হুইল আছে, যিয়ে বেয়া ৰাস্তাতো আৰামদায়ককৈ গাড়ীখন চলোৱাত সন্তুলন বজাই ৰাখে।

টাটা টিয়াগ’ এনআৰজিত 1.2-লিটাৰ 3 চিলিণ্ডাৰ ৰেভ’ট্ৰন পেট্ৰ’ল ইঞ্জিন আছে। এই ইঞ্জিনে 86 PS শক্তি উৎপন্ন কৰে। এই ইঞ্জিনৰ সৈতে মেনুৱেল আৰু স্বয়ংক্ৰিয় ট্ৰেন্সমিচন গিয়াৰবক্স দুয়োটাৰে বিকল্প লাভ কৰিব।

Tata Tiago NRG-ত বাহনখনৰ আভ্যন্তৰীণ আপডেটবোৰৰ ভিতৰত আছে পিছফালৰ ভিউ কেমেৰা, ইঞ্জিন ষ্টাৰ্ট-ষ্টপ বুটাম আৰু 7 ইঞ্চিৰ ইনফোটেইনমেণ্ট স্ক্ৰীণ, যি এপল কাৰপ্লে আৰু এণ্ড্ৰইড অটোক সমৰ্থন (চাপৰ্ট) কৰে।

ইয়াৰোপৰি ইয়াত হাৰমন কাৰ্ডন (Harman Kardon) ব্ৰেণ্ডৰ 7-স্পীকাৰ চাউণ্ড চিষ্টেমো সন্নিৱিষ্ট আছে। কোম্পানীটোৱে টিয়াগ’ এনআৰজিত সুৰক্ষাৰ সম্পূৰ্ণ যত্ন লৈছে যাৰ পৰিপ্ৰেক্ষিতত ডুৱেল-ফ্ৰণ্ট এয়াৰবেগ, ৰিভাৰ্চ পাৰ্কিং চেন্সৰ কেমেৰা, ফলো-মি লেম্প, এ.বি.এছ, কৰ্ণাৰ ষ্টেবিলিটি কনট্ৰ’ল ইত্যাদিৰ দৰে বিভিন্ন সুবিধা প্ৰদান কৰিছে।

Leave A Reply

Your email address will not be published.