Daily Time Axom

সফলতাৰ আঁৰত যৌনসম্পৰ্ক! দাবী ৩ বাৰৰ অলিম্পিক স্বৰ্ণজয়ী সাঁতোৰবিদৰ

0 12

ডিজিটেল ডেস্কঃ কঠোৰ পৰিশ্ৰম বা নিয়মীয়া অনুশীলন নহয়, তেওঁৰ সফলতাৰ আঁৰত আছে যৌনতা! এই চাঞ্চল্যকৰ দাবী এগৰাকী ৰাছিয়ান সাঁতোৰবিদৰ। তেওঁ লগতে কৈছে যে খেলৰ পূৰ্বে কৰা সম্ভোগে তেওঁক শাৰীৰিক শক্তি বৃদ্ধি কৰাত সহায় কৰে।

টকিঅ’ অলিম্পিকত সাঁতোৰত স্বৰ্ণ জয় কৰা এইগৰাকী সাঁতোৰবিদৰ নাম হৈছে আলা শিশকিনা। ইয়াৰ পূৰ্বেও ২০১২ চনৰ লণ্ডন আৰু ২০১৬ ৰিঅ’ অলিম্পিকত স্বৰ্ণ জয় কৰিছিল খেলুৱৈগৰাকীয়ে। ইয়াৰ পিছতে তেওঁ এটা ৰাছিয়াৰ সংবাদ মাধ্যমক কয় যে যৌনতাই কেনেকৈ তেওঁৰ প্ৰদৰ্শনক প্ৰভাৱিত কৰিছিল।

আলাই লগতে কয়, “মই চিকিৎসকসকলৰ গৱেষণা আৰু আমাৰ দলৰ চিকিৎসক ভেনিচৰ সৈতে কথা পাতিছোঁ। বিজ্ঞানীসকলৰ গৱেষণাই প্ৰমাণ কৰিছে যে কেৱল যৌনতাৰ জৰিয়তে শৰীৰত ধ্বংসাত্মক শক্তি পোৱাটো সম্ভৱ। শৰীৰটোৰ কথা সকলো সময়তে শুনিব লাগিব। যদি যৌনতাৰ জৰিয়তে সফলতা অৰ্জন কৰাটো সম্ভৱ, তেন্তে আমি আগবাঢ়ি যোৱা উচিত।”

ইয়াৰোপৰি তেওঁ কয় যে খেলৰ আগতে যৌন সম্ভোগে খেলুৱৈসকলক অধিক আক্ৰমণাত্মক কৰি তুলিব পাৰে। টেষ্টোষ্টেৰন হৰমন ক্ষয়ৰ ফলত শাৰীৰিক শক্তি বৃদ্ধি হয়। ই খেলত সফলতাৰ সম্ভাৱনা বৃদ্ধি কৰে।

Leave A Reply

Your email address will not be published.