Daily Time Axom

সৰুপথাৰত বিদ্যুত বিভাগৰ গ্ৰাহকলৈ হেজাৰ হেজাৰ টকা মাহেকীয়া বিল প্ৰেৰণ । ক্ষুদ্ধ গ্ৰাহকৰ বিদ্যুত কাৰ্যালয় ঘেৰাও  ।

0 35

ডিজিটেল ডেস্কঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰত থকা সৰুপথাৰ বিদ্যুত উপসংমণ্ডল কাৰ্যালয়ৰ অধীনস্থ মহকুমা টোৰ গ্রাম্যাঞ্চলৰ লগতে নগৰাঞ্চলৰ একাংশ বিদ্যুত গ্ৰাহকক যোৱা কিছুদিনৰ পৰা বিভাগে গ্ৰাহকৰ মিটাৰ ৰিডিং নকৰাকৈ হেজাৰ হেজাৰ মাহেকীয়া বিল প্ৰেৰণ কৰা কাৰ্যত সম্প্ৰতি ধনশিৰি মহকুমাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।অভিযোগ উঠা মতে মহকুমাটোৰ সাধাৰণ এটা পৰিয়াললৈ মাহেকীয়া বিদ্যুত বিল নূন্যতম ১০ হেজাৰ টকাৰ পৰা  আৰম্ভ কৰি ৫০ হেজাৰ টকা পৰ্যন্ত প্ৰেৰণ কৰিছে।এই সন্দৰ্ভত বিদ্যুত গ্ৰাহক সকলে সৰুপথাৰ বিদ্যুত উপসংমণ্ডল কাৰ্য্যালয়লৈ আহি অভিযোগ দিয়াৰ পিছতো কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰী সকলে কোনো গুৰুত্ব আৰোপ নকৰাত বৰ্তমান ক্ষুন্ন হৈ পৰিছে।

ইফালে আজি বিদ্যুত বিভাগে  বিদ্যুত বিলৰ নামত গ্ৰাহকৰ পৰা অবাধ লুণ্ঠন কৰাৰ প্ৰতিবাদত ধনশিৰি মহকুমা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ভুক্তভোগী গ্ৰাহক সকলক লৈ সৰুপথাৰ বিদ্যুত উপসংমণ্ডল কাৰ্য্যালয় ঘেৰাও কৰি বিভাগটোৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।দিনৰ প্ৰায় ১১ বজাত ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা প্ৰতিবাদী সকলে বিভিন্ন শ্লোগান দি কাৰ্য্যালয়ৰ চৌহদ প্ৰাঙ্গন উত্তাল কৰি তোলে। ইফালে বিভাগটোৰ কৰ্মচাৰী সকলে প্ৰতিবাদী সকল কাৰ্য্যালয়টোৰ ভিতৰলৈ  প্ৰবেশ কৰিব বুলি আগতীয়াকৈ মূল প্ৰৱেশ দ্বাৰ বন্ধ কৰি দিয়াত প্ৰতিবাদী সকল ক্ষুন্ন হৈ পৰে।প্ৰতিবাদ স্থলীত কাৰ্য্যালয়টোৰ এগৰাকী বিষয়া উপস্থিত হৈ বিভিন্ন চলাহী কথাৰে প্ৰতিবাদী সকলক প্ৰতীয়মান নিয়াবলৈ চেষ্টা কৰিছিল যদিও বিষয়া গৰাকীৰ সেই চলাহী কথাত প্ৰতিবাদী সকলে কোনো গুৰুত্ব নিদিলে।অৱশ্য কিছু সময়ৰ পিছত ধনশিৰি মহকুমা ধিপতি কাৰ্য্যালয়ৰ এগৰাকী সহকাৰী আয়ুক্ত প্রতিবাদ স্থলীত উপস্থিত হোৱাতহে পৰিস্থিতি কিছু স্তিমিত হয়।পিছত প্ৰতিবাদী সকলে ধনশিৰি মহকুমাধিপতিৰ যোগেদি অসম চৰকাৰৰ শক্তি মন্ত্ৰীলৈ বুলি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে সৰুপথাৰ বিদ্যুত উপসংমণ্ডল বিষয়ালৈও এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.