Daily Time Axom

অসমীয়া চলচ্চিত্ৰ “ব্ৰীজ” ৰ পৰিচালক কৃপাল কলিতালৈ শ্ৰেষ্ঠ নবাগত পৰিচালক আৰু অভিনেত্ৰী শিৱা ৰাণী কলিতালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান

0 12

ডিজিটেল ডেস্ক : ৫ আগষ্ট ২০২১ত সদ্যসমাপ্ত সন্মানীয় ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল চিনচিনেটি (Indian film festival of CINCINNATI-2021) ত কৃষ্টিপথাৰ ৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত পুৰ্ণদৈৰ্ঘ চলচ্চিত্ৰ ব্ৰীজ মূল অভিনেত্ৰী শিৱা ৰাণী কলিতাই লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান আৰু পৰিচালক কৃপাল কলিতা ই লাভ কৰিছে শ্ৰেষ্ঠ নবাগত পৰিচালকৰ সন্মান । লক্ষীমপুৰ জিলাৰ ঢকুৱাখনাৰ শিৱা ৰাণী কলিতাই অভিনয় কৰা ব্ৰীজৰ মূল চৰিত্ৰটো যঠেষ্ট প্ৰত্যাহ্বান মূলক য’ত তেওঁ পথাৰত হালবোৱা ,ভৰা নদীত কলৰ ভুৰ চলোৱাৰ দৰে কাম কৰিব লগা হৈছিল। আনহাতে, পৰিচালকে যথেষ্ট স্বাভাৱিক অভিনয় কৰাইছে । উল্লেখ্য যে, ব্ৰীজত অভিনয় কৰাৰ পূৰ্বে শিৱা ৰাণীয়ে কোনো ধাৰাবাহিক বা চিনেমাত অভিনয় কৰাৰ অভিজ্ঞতা নাছিল। কেৱল এখন মঞ্চ নাটকত অভিনয় অভিজ্ঞতা আছিল শিবা ৰাণীৰ।

পৰিচালক কৃপাল কলিতাৰ ব্ৰীজ হৈছে প্ৰথম খন‌ পুৰ্ণদৈৰ চিনেমা। সুদীৰ্ঘ সময় ধৰি কৃপালে কলিতাই নাটক চিনেমা ধাৰাবাহিক চুটি চিনেমা আদি ৰ পৰিচালনা ,চিত্ৰনাট্য, ৰচনা, অভিনয় আদিত নিৰবিচ্ছিন্ন ভাবে জড়িত হৈ আহিছে । ব্ৰীজ” ইতিমধ্যে ৩৫ তাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসবত প্ৰদৰ্শিত হৈছে। ৫১ সংখ্যক ভাৰতীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI)2020 চনত পুৰষ্কাৰ লাভ কৰা একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অৰ্জন কৰা ব্ৰীজে লাভ কৰিছে আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান। গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি ,১৬ সংখ্যাক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান ভাৰতৰ চলচ্চিত্ৰ সমালোচকসকলৰ সংস্থা FIPRESCI- ৰ বিচাৰত ২০২০ চনত ভাৰতৰ শ্ৰেষ্ঠ দহখন চিনেমাৰ ভিতৰত ব্ৰীজ উল্লেখযোগ্য।

ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ চিনচিনেতিত ব্ৰীজে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ শিশু শিল্পী ৰ চাৰিটাকৈ মনোনয়ন লাভ কৰি শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী দুটা সন্মান আজুৰি আনে। কৃপাল কলিতা আৰু শিৱা ৰাণী কলিতাৰ দ্বাৰা পুৰষ্কাৰ লাভ কৰা ব্ৰীজ অসমীয়া চলচ্চিত্ৰই অনুৰাগী আৰু ব্ৰীজ ৰ পৰিয়ালক উৎসাহিত কৰি তুলিছে ।

Leave A Reply

Your email address will not be published.