উৰিয়ামঘাটৰ সীমান্তত অসম আৰু নগালেণ্ডৰ প্ৰশাসনিক বিষয়াৰ মাজত সম্প্ৰীতি মূলক ক্ৰিকেট প্ৰতিযোগিতা ।
ডিজিটেল ডেস্ক : অসম আৰু চুবুৰীয়া ৰাজ্য নগালেণ্ড সীমান্তৰ প্ৰতিবেশী গাওঁ সমূহত বসবাস কৰি থকা জনসাধাৰণৰ মাজত সদায় যাতে শান্তি সম্প্ৰীতি অটুট ৰাখিব পাৰে তাৰ উদ্দেশ্যে আগত ৰাখি আজি অসম আৰু নগালেণ্ড দুয়োখন ৰাজ্যৰ চৰকাৰী প্ৰশাসনিক বিষয়া সকলৰ মাজত ধনশিৰি মহকুমাৰ সীমান্তৰ বি’ চেক্টৰ য়ামফা বস্তিত এক বন্ধুত্ব মূলক ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসম আৰু নগালেণ্ড উভয় ৰাজ্যৰ স্থানীয় ৰাইজৰ উপস্থিতিত প্ৰশাসনিক বিষয়া সকলৰ মাজত অনুষ্ঠিত হয় উক্ত ক্ৰিকেট প্রতিযোগিতা। চি আৰ পি এফৰ ১৫৫ নং কোম্পানীৰ উদ্যোগত দিনৰ প্ৰায় ১১ বজাত অনুষ্ঠিত হয় উক্ত বন্ধুত্ব মূলক ক্ৰিকেট প্ৰতিযোগিতা। উক্ত অনুষ্ঠানত চি আৰ পি এফৰ ডি আই জি হনুমন্ত সিং ৰাৱাত , ১৫৫ নং কোম্পানীৰ চি আৰ পি এফৰ কামাণ্ডেণ্ট মুকেশ তিয়াগী ,ধনশিৰি মহকুমাৰ মহকুমাধিপতি জাভীৰ ৰাহুল সুৰেশ , নগালেণ্ডৰ ৰালান মহকুমাৰ মহকুমাধিপতি মেভজাং জামিৰ ,ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা ,ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধীশ প্ৰাঞ্জিল গগৈ ,নগালেণ্ডৰ নিউলেণ্ড মহকুমাৰ সীমান্ত দণ্ডাধীশ এমলী জোংলা , চুঙাজান, ৰালান আৰু নিউলেণ্ড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকল উপস্থিত থাকে। উক্ত ক্ৰিকেট প্ৰতিযোগিতাত দুয়ো ৰাজ্যৰ প্ৰশাসনিক বিষয়া সকলে অংশ গ্ৰহণ কৰে। খেলৰ অন্তত প্ৰতিযোগিতাত পাৰদৰ্শিতা দেখুৱা খেলুৱৈ সকলক পুৰস্কাৰ প্ৰদান কৰা হয়। উল্লেখ্য যে উক্ত বন্ধুত্ব মূলক ক্ৰিকেট প্ৰতিযোগিতাৰ পূৰ্বে অসম আৰু নগালেণ্ড দুই ৰাজ্যৰ প্ৰশাসনিক বিষয়া সকলৰ মাজত এক বৈঠক অনুষ্ঠিত হয়।