ডিজিটেল ডেস্কঃ গোলাঘাট জিলাৰ ফৰকাটিং বৰুৱা গাওঁ নিবাসী তথা অসম চৰকাৰৰ কৃষি বিভাগৰ যুটীয়া সঞ্চালক ডঃ দিগন্ত গগৈৰ সহধৰ্মিণী বিশিষ্ট সমাজসেৱী তুলতুল গগৈ (দাদু) (৫৭) ৰ পোষ্ট ক’ভিডত আক্ৰান্ত হৈ গুৱাহাটীৰ এপল’ হস্পিতালত মৃত্যু হয়।জানিব পৰা মতে যোৱা কিছুদিন ধৰি ফৰকাটিং বৰুৱা গাওঁ অঞ্চলৰ বিশিষ্ট সমাজসেৱী গৰাকী শাৰীৰিক অসুস্থতাত ভোগাৰ হেতু পৰিয়ালৰ লোকে গুৱাহাটী আৰু চেন্নাই এপল’ হস্পিতাললৈ নি চিকিৎসা কৰাই কিছু আৰোগ্য লাভ কৰাত ঘৰলৈ লৈ অনা হৈছিল। ঘৰত কিছুদিন থকাৰ পিছত সমাজসেৱী গৰাকীৰ দেহত ক’ভিড পজিটিভ ওলোৱাত পুনৰ গুৱাহাটীৰ এপল’ হস্পিতালত ভৰ্তি কৰাই চিকিৎসা কৰাইছিল। হস্পিতালত কিছুদিন চিকিৎসাৰ অন্তত তুলতুলৰ দেহত ক’ভিড নিগেটিভ ওলাই যদিও শাৰীৰিক অৱস্থা অতি গুৰুত্বৰ হৈ পৰে আৰু অৱশেষত মৃত্যুক আঁকোৱালি লয়। সমাজসেৱী গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেখেতৰ বৰুৱা গাওঁৰ বাসগৃহত বহু লোকৰ সমাগম হয় আৰু সমাজসেৱী গৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰে।মৃত্যুৰ সময়ত তুলতুল গগৈয়ে স্বামী সহ দুজন পুত্ৰ ,এগৰাকী কণ্যা ,জোঁৱাই আৰু ভালেসংখ্যক আত্মীয় কুটুমক ইহ সংসাৰত এৰি থৈ গৈছে। অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত বিশিষ্ট সমাজসেৱী গৰাকীৰ মৃত্যুত বৰুৱা গাওঁৰ শ্ৰী শ্ৰী ৰাধা কৃষ্ণ নামঘৰ পৰিচালনা সমিতি, প্ৰতীক্ষা আত্মসহাই গোটৰ লগতে বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।