শ্বাহৰুখ খানৰ পুত্ৰৰ ড্ৰাগছ কাণ্ডৰ নতুন বিতৰ্ক , গ্ৰেপ্তাৰ হ’ব তদন্তকাৰী বিষয়া

কিং খান শ্বাহৰুখ খানৰ পুত্ৰৰ ড্ৰাগছ কাণ্ডই নিতৌ নতুন ৰূপ লৈছে ৷ এতিয়াও কাৰাগাৰতে থকা আৰিয়ান খানক লৈ বলিউড আৰু মহাৰাষ্ট্ৰৰ ৰাজনীতি গৰম হৈ আছে ৷
এইবাৰ বিপদেৰে যুঁজিব লগা হৈছে শ্বাহৰুখ খানৰ অধঃপতিত পুত্ৰক ড্ৰাগছ কাণ্ডত জালত পেলোৱা নাৰ্ক’টিকছৰ বিষয়া সমীৰ ৱানখেডে ।
এনচিবি ( নাৰ্ক’টিক কন্ট্ৰল বৰ্ড)ৰ মুম্বাইৰ সঞ্চালক সমীৰ ৱানখেড় ৷ বিষয়াজনে ২৫ কোটি টকা আৰিয়ানৰ মুক্তিপণ হিচাবে দাবী কৰাৰ অভিযোগ উঠিছে ৷ এই অভিযোগৰ পিছত, বিষয়াজনে মুম্বাই আৰক্ষী আয়ুক্ত হেমন্ত নাগ্ৰালেলৈ “অসৎ উদ্দেশ্যৰে আৰোপ কৰা “মিছা অভিযোগ”ৰ ওপৰত আধাৰিত কৰি তেওঁৰ বিৰুদ্ধে যিকোনো “অৱক্ষয়ী আইনী ব্যৱস্থা”ৰ পৰা সুৰক্ষা বিচাৰি এখন পত্ৰ লিখিছে।
বলিউড তাৰকা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানকে ধৰি বলীউডৰ কেইবাগৰাকীও চেলিব্ৰেটীৰ তদন্ত কৰি থকা জ্যেষ্ঠ নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ বিষয়া সমীৰ ৱানখেডেয়ে ভৱিষ্যত অনিশ্চয়তাৰ আশংকা কৰি আইনী ব্যৱস্থাৰ পৰা সুৰক্ষা বিচাৰিছে।

ৱানখেডেয়ে মুম্বাই আৰক্ষী প্ৰধানলৈ লিখিছে যে তেওঁক “অত্যন্ত সন্মানীয় ৰাজহুৱা কৰ্মকৰ্তা”ৰ দ্বাৰা কাৰাগাৰ আৰু বৰ্খাস্তৰ ভাবুকি জাৰি কৰা হৈছে।
নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ নেতা তথা মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকে বিষয়াজনৰ সন্দৰ্ভত শেহতীয়া মন্তব্যৰ উল্লেখ কৰি কৈছে যে বিষয়াজনে এবছৰৰ ভিতৰত চাকৰি হেৰুৱাব, কিয়নো তেওঁ বিজেপিৰ এটা পুতলা। তদুপৰি তেওঁ মানুহৰ বিৰুদ্ধে ভুৱা গোচৰ উত্থাপন কৰে । কংগ্ৰেছী নেতাগৰাকীয়ে লগতে কয় যে মই সেই ৱানখেডেক প্ৰত্যাহ্বান জনাইছো যে তেওঁ এবছৰৰ ভিতৰত চাকৰি হেৰুৱাব… আমাৰ ওচৰত তেওঁৰ ভুৱা গোচৰৰ প্ৰমাণ আছে,”। এতিয়া সময়েহে দেখুৱাব শ্বাহৰুখ পুত্ৰৰ ড্ৰাগছ কাণ্ডই ভৱিষ্যতে কোনদিশে গতি লয় ?

*শেহতীয় তথ্যঃ
যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে শ্বাহৰুখ পুত্ৰৰ তদন্তকাৰী বিষয়া সমীৰ ৱানখেড় ৷ এই আশংকাৰে আদালতৰ কাষ চাপিছে বিষয়াজন ৷ বিষয়াজনৰ দাবী তেওঁ আৰু তেওঁৰ পৰিয়ালক টাৰ্গেট কৰা হৈছে ৷ নাৰ্ক’টিকচৰ বিশেষ আদালতত ৱানখেড়েৰ অভিযোগ যে তেওঁৰ পত্নী, ভগ্নীৰ লগতে মৃত মাককো সাঙুৰা হৈছে চাপ প্ৰয়োগ কৰিবৰ বাবে ৷

Comments (0)
Add Comment