দেৱালীত নিৰ্ধাৰিত দুঘন্টাৰ ভিতৰতে হ’ব লাগিব আতচবাজী, অসমত নিষেধাজ্ঞা
এইবাৰ কি হ’ব দেৱালী? পূৰ্বৰ দৰে পালন কৰিব পাৰিবনে দেৱালী ? যদি পূৰ্বৰ দৰে পালন কৰে তেন্তে সাৱধান আপোনাকো গ্ৰেপ্তাৰ কৰিব পাৰে আৰক্ষীয়ে দেৱালী প্ৰাকমুহূৰ্তত অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে (PCB) এইবাৰ ৰাজ্যখনত গ্ৰীন ফটকাৰ বাহিৰে আন কোনো আতচবাজী বিক্ৰী কৰাৰ লগতে ফুটাব নোৱাৰিব বুলি নিষেধাজ্ঞা জাৰী কৰিছে।
উৎসৱৰ বতৰত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবৰ বাবেই ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (NGT)এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰৰ মন্তব্য এই বিষয় সন্দৰ্ভত ৰাজ্যিক প্ৰদূষণ সংস্থাটোৱে জিলাসমূহৰ সকলো উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ নিৰ্দেশনাসমূহ প্ৰেৰণ কৰিছে।
নিৰ্দেশনাত আৰক্ষীক আতচবাজীৰ যোগান বন্ধ বাবেও ব্যৱস্থা ল’বলৈ কোৱা হৈছে । অবৈধ আতচবাজী বিক্ৰেতাসকলকো আটক কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।
অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে (PCB) প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি মাত্ৰ ২ঘন্টাৰ বাবেহে ৰাজ্যবাসীক আতচবাজীৰ আনন্দৰ সময়সীমা ধাৰ্য কৰিছে। বিলম্বিত শীতৰ আগমনক লৈ এইবাৰ চিন্তিত হৈ পৰা অসমবাসীয়ে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ নিষেধাজ্ঞাৰ প্ৰতি
কিমান সঁহাৰি জনায় সেয়া হ’ব লক্ষণীয় ৷