ভজা মাছ, ৰঙালাও ভাজিৰে চাহ শ্ৰমিকৰ সৈতে মুখ্যমন্ত্ৰীৰ দুপৰীয়াৰ এসাজ
সোমবাৰে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ চাৰিখনকৈ নিৰ্বাচনী সভাত চলালে ধাৰাবাহিক প্ৰচাৰ ৷ তাৰ মাজতে মৰিয়নি বিধানসভা সমষ্টিৰ চৈকটা চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাজত কিছু সময় কটাই দুপৰীয়াৰ সাঁজ তৃপ্তিৰে গ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেওঁলোকৰ সুখ-দুখৰ বুজ ল’লে । অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ চাহ জনগোষ্ঠীৰ লোকসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে আমাৰ চৰকাৰে দায়বদ্ধতাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে।
চহকী সংস্কৃতিৰে পূৰ্ণ জনগোষ্ঠীটোৰ লোকসকল যাতে আৰ্থিক আৰু শৈক্ষিক দিশত আন জাতি-জনগোষ্ঠীৰ লোকৰ সৈতে সমানে ফেৰ মাৰি আগুৱাই যাব পাৰে তাৰবাবে একাধিক পদক্ষেপ হাতত লোৱা হৈছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
বাগিচাৰ শ্ৰমিকৰ সৈতে ৰঙালাও ভাজি ৷ ভজা মাছ আৰু দালিৰে এসাজ খাই সন্তুষ্টি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷